পৃষ্ঠা:আসাম-ভূগোল.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 90 ) জয়মতী কুৱঁৰী ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ মাক আছিল। মিত্ৰৰাজ্য। যিবিলাক প্ৰদেশৰ ৰজাই · ইংৰাজ গৱৰ্ণমেণ্টৰ অধীনত থাকি নিজ ৰাজ্য নিজে শাসন কৰে, আপদে সম্পদে গৱৰ্ণমেণ্টক সহায় কৰে আৰু বাৎ- সৰিক কোনো এটা নিৰ্দিষ্ট কৰ গৱৰ্ণমেণ্টক দিয়ে, সেই ৰাজ্যকে মিত্ৰৰাজ্য বোলে, তাক কৰদ ৰাজ্যও কয়; যেনে—মণিপুৰ। মণিপুৰ—ইয়াৰ উত্তৰ সীম৷—নগ৷ পৰ্ব্বত, দক্ষিণ সীমা—মানদেশ, পূব সীমাও মান- দেশ, পশ্চিম সীমা—কাছাৰ জিলা। মহাভাৰতৰ সময়তে৷ এই ৰাজ্যেৰ বিশেষ বিবৰণ জন৷ গৈছিল, অৰ্জ্জুনৰ পুত্ৰ মহাৰাজ বব্ৰুবাহন এই ৰাজ্যত বৰ পৰাক্ৰমী ৰজা আছিল। ইংৰাজী ১৮৯২ চনত মণিপুৰ ৰজাই গৱৰ্ণমেণ্টৰ লগত বিদ্ৰোহ আচৰণ কৰাত তেওঁক ভ্ৰষ্ট কৰি শ্ৰীযুত চুড়াচঁাদ কোঞৰক ৰজা পতা হয়, তাত ৰেচিডেন্ট উপাধিৰে এজন ডাঙ্গৰ ইংৰাজ কৰ্ম্মচাৰী থাকি ৰাজকাৰ্য্যত সহায় কৰে।