পৃষ্ঠা:আসাম-ভূগোল.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৬৯ ) খ্ৰীঃ ১৭০০ চনত জয়সাগৰৰ পুখুৰী আৰু দল কৰাইছিল। লুচাই পাহাড় জিল৷। সীমা—উত্তৰ সীমা— কাছাড় ও মণিপুৰ, পূৰ্ব্ব ও দক্ষিণ সীম৷—মানদেশ, পশ্চিম সীম৷— ত্ৰিপুৰা ও চাঁটিগা জিলা। লোকসংখ্যা—৯১২০৪ জন। মাটিকালি প্ৰায় ৭২২০ বৰ্গমাইল। নদী— ধলেশ্বৰী, টিপাই আৰু সোনাই আদি কৰি। পৰ্ব্বত—লুচাই পৰ্ব্বতেই এই জিলাৰ উত্তৰৰ পৰ৷ দক্ষিণলৈকে যুৰি আছে। লুচাই পাহাৰ জিলাৰ 'এটা মহকুমা মাত্ৰ লুঙলেহ। লুচাই পাহাৰৰ পুলিশ ষ্টেচন আৰু প্ৰধান প্ৰধান ডাকঘৰবিলাকৰ নাম— আইজাল, মাইবোঃ, কুলশিব, তেঞ্জল, লংলেহ, ডোমাগিৰী।