এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩৮)
জয়মতী কুৱঁৰীৰ নামেই জয়সাগৰ পুখুৰী আৰু দলৰ নাম হৈছে।
এই জিলাৰ সদৰ ষ্টেচন শিলচৰ, তাত ডেপুটি কমিচনাৰ চাহাব থাকে। হাইলাকান্দী ও উত্তৰ কাছাড় এই দুটা মহকুমা। উত্তৰ কাছাড়ৰ সদৰ ষ্টেচন হাফলং। বদৰপুৰ, কাটীগড়া, মাইবং, বিজয়পুৰ, লক্ষ্মীপুৰ, আৰু বড়খোলা আদি স্থান- বিলাক বিশেষ প্ৰসিদ্ধ।
কাছাৰ জিলাৰ পূৰ্ব্বেৰ নাম হিড়ম্ব দেশ; ভীমৰ পুত্ৰ ঘটোৎকচে এই দেশত ৰাজত্ব কৰিছিল। কাছাৰ জিলাৰ অধীন থানাবিলাকৰ নাম—
শিলচৰ, সোনাই, বড়খোল৷, লক্ষ্মীপুৰ, কাট- গড়া, হাইলাকান্দী, কটলীচেৰা।
প্ৰধান প্ৰধান ডাকঘৰবিলাকৰ নাম—
শিলচৰ, আইজাল, বদৰপুৰ, বাঁসকান্দী, বড়: খোলা, ডেমাগিৰী দেওৱান, দ্বাৰবন্দ, কেটিংলেহ, হাফলং হাইলাকান্দী, কালাইন কাটিচেৰা, কুম্ভীৰ, লক্ষ্মীপুৰ, লালা, মণিপুৰ, মনাচেৰা, ৰোজকান্দী, সাইৰং, শীলাৰটী, শিলকুড়ি, উদৰবন্দ প্ৰভৃতি ৪১টা ডাকঘৰ আছে।