পৃষ্ঠা:আসাম-ভূগোল.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( * ) ৰূপসিং চিপাহীয়ে বদনচন্দ্ৰক ছলেৰে বধ কৰে। কৰি ফুৰিছোঁ, পৃথিবী যে ঘুৰিছে তাৰ একে৷ গম নেপাওঁ। ৩য় প্ৰমাণ—পৃথিবীৰ মাধ্যাকৰ্ষণ নামেৰে এটা শক্তি আছে। এই শক্তিয়ে পৃথিবীতে থকা সকলো বস্তুকে কামোৰ মাৰি ধৰি ৰাখিছে, সেই বাবে পৃথিবী ঘূৰাতে৷ পৃথিবীত থকা বস্তুবিলাক খহি নপৰে। পৃথিবীৰ গতি দুবিধ আহ্লিক আৰু বাৰ্ষিক। চৌবিশ ঘণ্টাত পৃথিবীয়ে আপোন কক্ষেদি পশ্চিমৰ পৰা পূব মুখে ঘূৰে, তাক আহ্লিক বা দিনীয়া গতি বোলে। এই গতি দ্বাৰা দিন আৰু ৰাতি হয়। ঘূৰি থাকোতে পৃথিবীৰ যি অংশ যেতিয়া সূৰ্য্যৰ ফাললৈ পৰে, তেতিয়| সেই ফালে দিন আৰু আন ফালে ৰাতি হয়। ৩৬৫ দিন ৬ ঘণ্টাত পৃথিবীয়ে সূৰ্য্যৰ চাৰিও পিনে এবাৰহে ঘূৰে; ইয়াকে পৃথিবীৰ বাৰ্ষিক বা বছেৰেকীয়া গতি বোলে। এই গতিৰ দ্বাৰা গ্ৰীষ্ম, বৰ্ষা প্ৰভৃতি ঋতুবোৰৰ পৰিবৰ্ত্তন হয়। পৃথিবীৰ কাল্পনিক বিভাগ। পণ্ডিত সকলে পৃথিবীৰ ওপৰত কেইটামান