পৃষ্ঠা:আসাম-ভূগোল.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছাতক, বৰ্তমান তেজপুৰৰ পূৰ্ব্ব নাম শোণিতপুৰ আছিল। প্ৰধান স্থান উত্তৰ শ্ৰীহট্টত—বালাগঞ্জ, ফেঁচুগঞ্জ কোম্পানীগঞ্জ, গোপালগঞ্জ, কানাইৰঘাট প্ৰভৃতি প্ৰধান। দক্ষিণ শ্ৰীহট্টত— হবিগঞ্জ, নাবিগঞ্জ, ভোলা- গঞ্জ, মাধবপুৰ, বানিয়াচুঙ্গ, হুনামগঞ্জ, দিৰাই, ধৰ্ম্মপানী আৰু জলঢুপ প্ৰভৃতি প্ৰধান। এই জিলাত অপৰ্যাপ্ত সুমথিৰা টেঙ্গ। উৎপন্ন হয়। নানা ৰকম ধুনীয়া পাৰ্টীও এই জিলাতেই তৈয়াৰ কৰে। তাৰ বাহিৰেও হাতী দাঁতৰ পাটী, ফণী, বিছনী, পেৰা আদি তৈয়াৰ হয়। এই জিলাৰ মানুহবিলাক বিদ্যা, বুদ্ধি, সমৃদ্ধি আদিতে আসামৰ সকলো জিলাৰ মানুহতকৈ শ্ৰেষ্ঠ আৰু বৰ পৰিশ্ৰমী। এই জিলাৰ মানুহবিবাক তেনই বাঙ্গালী। হিন্দুতকৈ মুচলমানৰ সংখ্যা বেছি। ছিলেথ জিলাৰ প্ৰধান পুলিশ ষ্টেচনৰ নাম— শ্ৰীহট্ট, কনাইৰঘাট, বালাগঞ্জ, মৌলবীবাজাৰ, হিঙ্গাজীয়া, হবিগঞ্জ, বানিয়াচুঙ্গ, মাধবপুৰ, সুনাম- গঞ্জ, ছাতক, দিৰাই, ধৰমপাশা কৰিমগঞ্জ, জলঢুপ প্ৰভৃতি। -