পৃষ্ঠা:আসাম-ভূগোল.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৬৪ ) খ্ৰীঃ ১৮২১ চনৰ পৰা আসিমিত মানৰ দিন হয়। আৰু মকক্‌চাং এই দুটা মহকুমা, তাতো বিচাৰক হাকিম থাকে। উত্থা দৈয়াং নদীৰ ওচৰত, চামগুটিং পূৰ্ব্বে সদৰ ঠাই আছিল। ডিমাপুৰ ধনশিৰী নৈৰ পাৰত, প্ৰসিদ্ধ বেপাৰৰ ঠাই। নগ৷ পাহাৰত তুলাই প্ৰধান উৎপন্ন বস্তু, নগাই প্ৰধান অধিবাসী। ইহঁত প্ৰায়েই নাঙ্গটা ( নগ্ন ) সেই দেখি নগ৷ বোলে, এই জাতি পূৰ্ব্বে বৰ অসভ্য আছিল, আজি কালি গৱৰ্ণমেণ্টৰ কৃপাত ইহঁত বহুল ভাল হৈছে, বহুতে লিখা পঢ়াও শিকিছে, নগ৷ জাতিৰ ভাষা বেলেগ; সিহঁতৰ পৃথক আথৰ নাই, ভাষাহে আছে, ইংৰাজী আখৰেৰে সিহঁতৰ ভাষাত বহুত পুথি ওলাইছে। নগাপৰ্ব্বত জিলাৰ অধীন থানাবিলাকৰ নাম-- কহিমা, জুবজা, ভীশ্বেনা, ভায়াক, পিফিমা, নীচুগাৰ্ড। ডাকঘৰবিলাকৰ নাম। কহিমা, বৰপঠাৰ, উখা, চকলাটিং, নীচুগাৰ্ড, পিকিমা প্ৰভৃতি।