পৃষ্ঠা:আসাম-ভূগোল.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপসিংহ চিপাহীয়ে বদনচন্দ্ৰক ছলেৰে বধ কৰে। বাঙ্গালী ভদ্ৰলোক ও অসমীয়৷ ভদ্ৰলোক সকল চাকৰী উপলক্ষে তাত বাস কৰিছে। শ্বিলং বৰ চেঁচা ঠাই, ঘাম কালিও গাৰ পৰা কাপোৰ গুছাব নোৱাৰি, জাৰ কালি হলে পানীবিলাক ঠায়ে ঠায়ে গোট মাৰে, ইয়াত জাৰ ইমান বেছি যে পুহ, মাঘ মহীয়৷ গাৰ পৰা গৰম কাপোৰ গুছালে মানুহ ঠেৰেঙ্গ৷ দিয়ে। আম, কঠাল আদি বস্তুবিলাক তাত বেগতে নপকে, আহিন কাতি মাহতো তাত কেচা আম পোৱা যায়। শ্বিলঙ্গৰ মৌ, সুমথিৰা টেঙ্গ৷ আৰু খাচিয়া আলুগুটি বৰ ভাল বস্তু বুলি লোকে কয়। খাচিয়া ও জয়ন্তিয়| পাহাৰ জিলাৰ থানাবিলাকৰ নাম- শ্বিলং, নংফু, চেৰা, ইচ্ছামতী, জোৱাই। ডাকঘৰবিলাকৰ নাম- শ্বিলং, চেৰাপুঞ্জী, জোৱাই, মাফ্লং, লাইট্ কেঞ্চিউ, নংফু ইত্যাদি। নগাপাহাৰ। এই জিলাৰ উত্তৰ সীমা—নগাওঁ আৰু শিৱসাগৰ