সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬১)

খ্ৰীঃ ১৮১৬ চনত মান আসামত পোনেই সোমায়হি।


ইয়াত ৬০২৭ বৰ্গমাইল মাটী আছে। লোক-সংখ্যা ২৩৫০৬৯ জন।

 এই জিলাত ১০।১২ খন মান দেশী ৰজাৰ ৰাজ্য আছে। কিন্তু সেইবিলাক সৰু সৰু ৰজা৷ ইংৰাজ গৱৰ্ণমেণ্টৰ কৰতলীয়া। এই জিলাত চেৰাপুঞ্জী নামে এডোখৰ ঠাই আছে, তাত সদায় বৰষুণ হৈ থাকে। ইয়াত পৃথিবীৰ ভিতৰত সকলো ঠাইতকৈ বেচি বৰষুণ হয়।

 ইয়াত ওখ ওখ অনেক পৰ্ব্বত আছে, তাৰ ভিতৰত শ্বিলং পৰ্ব্বত, ডিঞ্জী পৰ্ব্বত, মাওথাড্ ৰাচন প্ৰভৃতি গোটাদিয়েক প্ৰধান। শ্বিলং পৰ্ব্বতৰ ওপৰত আমাৰ শাসনকৰ্ত্তা গৱৰ্ণৰ চাহাব বাহাদুৰ থাকে। এই শ্বিলঙ্গেই আসাম দেশৰ ৰাজধানী।

 শিলং, জোয়াই, চেৰাপুঞ্জী, চেলা, লালাডঙ্গ, মাওসিনৰাম, নংপু, এডং, আপু, খাইৰাঘাট আদি ঠাই এই জিলাত প্ৰসিদ্ধ।

 এই জিলাত খাচিয়া মানুহেই ভৰা, আৰু জয়ন্ত৷, মিকিৰ, গাৰো, কুকি আদি কিছুমান অসভ্য জাতিও ইয়াত থাকে, তাৰ বাহিৰেও অনেক