পৃষ্ঠা:আসাম-ভূগোল.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 60 ) বগীকুৱ ৰীৰ নামেই মেটেকাৰ বগীদল। সিংহ জিলা আৰু পশ্চিম সীমা—গোৱালপাড়া জিলা। ইয়াত ৩১৪০ বৰ্গমাইল মাটি আছে। লোকসংখ্যা ১৫৮৯৩৬ জন। ইংৰাজী ১৮৬৬ চনত গাৰে৷ পৰ্ব্বতৰ ওপৰত এই জিলা পত৷ হৈছে। কৃষ্ণাই, ভোমাই, নিতাই, কালো, সোমেশ্বৰী, গাৰো পাহাৰৰ ঘাই নৈ৷ গাৰে৷ পাহাৰ জিলাৰ সদৰ ঠাই টুৰা, তাতে ডেপুটী কমিচনাৰ চাহাব থাকে। শালকাঠ, তুলা, লা আৰু বৰৰ আঠা এই জিলাৰ উৎপন্ন ঘাই বস্তু। গাৰোপাহাড় জিলাৰ পুলিশ ষ্টেচন আৰু ডাকঘৰবিলাকৰ নাম— টুৰা, ফুলবাৰী, মহেন্দ্ৰগঞ্জ, ডালু আৰু গৰুবধ। খাচিয়া ও জয়ন্তিয়া পাহাড়। সীমা— এই জিলাৰ উত্তৰ সীমা — নগাওঁ ও কামৰূপ জিলা; দক্ষিণ সীমা—শ্ৰীহট্ট ও কাছাৰ জিলা, পূৰ্ব্বেও কাছাৰ জিলাই আছে, পশ্চিমে গাৰো পাহাড় জিলা।