পৃষ্ঠা:আসাম-ভূগোল.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৮ ) খ্ৰীঃ ১৮৯৭ চনৰ জুনত প্ৰৱল ভূমিকম্প হয়। গৱৰ্ণমেণ্টে অনুগ্ৰহ কৰি স্কুলবিলাকত অসমীয়া ভাষা দিছে। দেৱালয় যোগীঘোপা—ইয়াত পূৰ্ব্বকালে যোগী মুনি সকলে পৰ্ব্বতৰ গা-তে স্থৰুঙ্গ৷ কাটি ঘৰৰ নিছিন৷ ঘোপা একোটা কৰি লৈ তাৰ মাজতে সোমাই যোগসাধন (ঈশ্বৰৰ উপাসনা) কৰিছিল, যোগীৰ তৈয়াৰী ঘোপ৷ দেখি এই ঠাইক যোগীঘোপা ঝেলে। যোগীঘোপাৰ পৰ্ব্বতটো ধুই তাৰ তলেই ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই ঠাই অতি মনোহৰ। টুক্ৰেশ্বৰী মন্দিৰ—টুক্ৰেশ্বৰী পাহাৰৰ ওপৰত এই দেবী মন্দিৰটী আছে, তাত সদায় পূজা সেৱা চলিব লাগিছে। এই টুক্ৰেশ্বৰী দেৱালয়ত বান্দৰৰ ৰজা ৰাণী আৰু মন্ত্ৰী আছে। গোসানীৰ পূজাত দিয়৷ বস্তু বাহানী আগেয়ে বান্দৰ ৰজাই খায়, তাৰ পাচত হে অন্য বান্দৰে খায়, এই ঠাই বান্দৰৰ নিমিত্তে বিশেষ বিখ্যাত। এই দুই দেৱালয়ৰ বাহিৰেও গোৱালপাড়াত