পৃষ্ঠা:আসাম-ভূগোল.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫৬ ) কছাৰি ৰজাৰ নাম অনুসৰি এই জিলাৰ নাম কাছাৰ। গোৱালপাড়া। সীমা— পৰ্ব্বত গোৱালপাড়া৷ জিলাৰ উত্তৰ সীমা— ভোট পূৰ্ব্ব সীমা— মানাহ নদী ও কামৰূপ জিলা; দক্ষিণ সীম৷—গাৰো পাহাড়; পশ্চিম সীম৷—ৰঙ্গপুৰ জিলা, কোছবিহাৰ। পৰিমাণ ফল—এই জিলাত ৩৯৫৪ বৰ্গমাইল মাটি আছে। লোক সংখ্যা ৬০০৬৪৩ জন। অনুমান হয় ভাটিৰ ৰঙ্গপুৰৰ ফালৰ বহুত গুৱাল মানুহ আহি ইয়াত বেহা বেপাৰ কৰি আছিলেহি। গুৱালহঁতৰ পাড়৷ বা চুবুৰী দেখি ইয়াক গোৱাল- পড়ি৷ বোলে। এতিয়াও ইয়াত অনেক গুৱাল বাস কৰে আৰু বাণিজ্য বেপাৰ কৰে। গোৱালপাড়৷ জিলাও ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আছে। এই জিলাত অনেক জমিদাৰ আছে। তাৰ ভিতৰত বিজনী, গৌৰীপুৰ, মেছপাড়া, লক্ষ্মীপুৰ, বগৰীবাড়ী, ৰূপ্‌সী, বিলাসীপাড়াৰ জমি- দাৰ প্ৰধান।