সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৫৪)

আৰিমত্ত ৰজাৰ মৰণৰ ঠাইক আৰিকটামুখ বোলে।


আৰু বশিষ্ঠাশ্ৰম প্ৰভৃতি অনেক হিন্দু তীৰ্থ আছে।

 কামৰূপৰ নাম অতি প্ৰাচীন শাস্ত্ৰাদিতে৷ পোৱা যায়। পূৰ্ব্বে ইয়াক প্ৰাগ্‌জ্যোতিষপুৰ বুলিছিল, তাত ভগদত্ত নৰকাসুৰ প্ৰভৃতি প্ৰাচীন ৰজাই ৰাজত্ব কৰিছিল।

 কামৰূপৰ সদৰ ষ্টেচন গুৱাহাটী। ইয়াত ডেপুটী কমিচনাৰ, জজ, কমিচনাৰ আদি প্ৰধান প্ৰধান বিষয়৷ সকল থাকে, ইয়াত কেইবাটাও কছাৰী ঘৰ আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটাই কেইখন জিলাৰ মোকদ্দমাৰ আপিল আদি ইয়াতে হয়।

 সদৰ জিলাৰ পশ্চিম ফালে চাউলখোৱ৷ নদীৰ পাৰত বড়পেটা মহকুমা, তাতে৷ বিচাৰক হাকিম থাকে। দেওয়ানগিৰিত বছৰেপতি মেলা হয়। শোৱাঁলকুছি, পলাশবাড়ী আদি ঠাইত অতি সুন্দৰ এড়ি কাপোৰ তৈয়াৰ হয়।

 কপাহ, শালকাঠ, সৰিয়হ, লা, মুগা সূতা, পাট সূত৷ আদি নান৷ প্ৰকাৰৰ বস্তু ইয়াত প্ৰস্তুত হয়।