পৃষ্ঠা:আসাম-ভূগোল.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫৩ ) আৰিমুৰিয়া আছিল দেখি আৰিমত্ত নাম হয়। দিকৰাই নদীৰে পৰ৷ পশ্চিমে কৰতোয়৷ নদীলৈকে যুৰিছিল। পুৰাণত লিখা আছে যে, কামদেৱ সদাশিৱৰ খঙ্গত পৰি ইয়াতে মৰে আৰু ইয়াতেই তেওঁ আকৌ জীৱন পায়। কামদেৱে নিজৰ ৰূপ পুনৰ্ব্বাৰ লাভ কৰে দেখি কামৰূপ বোলে। কামৰূপতে৷ ঘাই নদী ব্ৰহ্মপুত্ৰই; তাৰ বাহিৰেও মানাহ নদী, পাগলা মানাহ, বড় নৈ, লাখইতৰা, কলহী, সোণাপুৰ, সিংৰা আদি অনেক নদী আছে। বিল—চিকনী বিল, আঠিয়াবাড়ী বিল, চাতলা বিল আৰু এড়িয়া বিল আদি অনেক বিল ইয়াত আছে। কামৰূপত পৰ্ব্বতো অনেক আছে, তাৰ ভিতৰত বশিষ্ঠ পৰ্ব্বত, ফটাশীল পৰ্ব্বত, কামাখ্যা৷ পৰ্ব্বত, ভুবনেশ্বৰী পৰ্ব্বত, কেদাৰ, চুণশালী, গ্ৰাণউদ্ আদি 23 প্ৰসিদ্ধ। দেৱালয়—কামৰূত কামাখ্যা গোসানীৰ মহা- পীঠ আছে। তাৰ বাহিৰেও ভুবনেশ্বৰী, অশ্বক্ৰান্ত, হাজো, মণিকৰ্ণেশ্বৰ, শুক্ৰেশ্বৰ, নৱগ্ৰহ উমানন্দ,