পৃষ্ঠা:আসাম-ভূগোল.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫১ ) গদাধৰ ৰজাই ১৬৮৪ চনত বোদৰ আলি বন্ধেৱিাইছিল। নগাঁৱত মহকুমা নাই, সদৰ জিলাতে ডিপুটী কমি- চনৰ আৰু তেওঁৰ সহকাৰী হাকিম সকল বাস কৰে। কলং নৈৰ দক্ষিণ পাৰত এই নগৰ অৱ- স্থিত। কলং আৰু কপিলী এই দুয়োখন নদীৰ মিলনৰ ঠাইতে ৰহাচকী নামে এক প্ৰসিদ্ধ বেপাৰৰ ঠাই আছে। তাৰ বাহিৰেও পুৰণিগুদাম, কলীয়াবৰ, ডবকা, মোৰিথানা, জাগী, চাপৰমুখ, শীলঘাট, বৰদোৱাথান, নৰোৱাথান আদি অনেক প্ৰসিদ্ধ স্থান আছে। এই বৰদোৱা ( বটদ্ৰৱ৷) থানতে বৈষ্ণৱধৰ্ম্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ জন্ম হয়। এই ঠাই মহা পুৰুষীয়া সকলৰ নিমিত্তে প্ৰসিদ্ধ তীৰ্থস্থান। নগাওঁ জিলাত কপাহ, সৰিয়হ, লা, মুগা, সূতা, এড়ি-সূতা, পাট সূত৷ আদি নানা বস্তু উৎপন্ন হয়, আৰু কোনো কোনো ঠাইত লোণপুঙ, চুণশীল, নাগমাটি আদিৰ খনিও আছে। নগাওঁ জিলাত অধীনস্থ থানাবিলাকৰ নাম-- নগাওঁ, ৰহা, জাগী, নখোলা, চামগুৰী, কলীয়া- বৰ, কুঠৰী, যমুনামুখ, খৰিখনা।