পৃষ্ঠা:আসাম-ভূগোল.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নগাওঁ। সীমা— - নগাওঁ জিলাৰ উত্তৰ সীম|— দৰং জিল| ও ব্ৰহ্ম- পুত্ৰ নদী; পূৰ্ব্ব সীম|— নগ৷ পাহাৰ ও শিৱসাগৰ জিলা; দক্ষিণ সীম৷—কাছাৰ জিলা ও খাচিয়া জয়ন্তিয়| পাহাৰ; পশ্চিম সীমা— কামৰূপ জিলা ও ব্ৰহ্মপুত্ৰ নদী। পৰিমাণ ফল—নগাওঁ জিলাত ৩৮৪৩ বৰ্গমাইল মাটি আছে। লোক সংখ্যা ৩০৩৫৯৬ জন। নগাওঁ জিলাতে৷ ব্ৰহ্মপুত্ৰই ঘাই নদী আৰু কলঙ্গ, কিলিং, কপিলী, যমুনা, সোনাই আদি আৰু কেইবাখনিও সৰু বৰ নদী ও উপনদী আছে। বিল—মৰিকলঙ্গ, মেৰিবিল, কাছধৰা, গৰঙ্গা আদি কেইবাখনীও বিল আছে। পৰ্ব্বত—নগাওঁ জিলাত পূবে কল্যাণী নদীৰ পৰ৷ পশ্চিমে যমুনা নদীলৈকে মিকিৰ পৰ্ব্বতে ঘুৰি আছে, এইটো বৰ ওখ পৰ্ব্বত; তাৰ ঘাইটিংটো প্ৰায় ৩৫০০ ফুট ওখ। নগাওঁ জিলাক পূৰ্বেৰ খাগৰিজান বুলিছিল।