পৃষ্ঠা:আসাম-ভূগোল.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 8 ) ধোদৰ নামে ধোদৰ আলীৰ নাম হৈছে। জিলাত মঙ্গলদৈ, বিশ্বনাথ, প্ৰতাপগড়, চতিয়া, হাউলী, মোহনপুৰ, মদপী, বিন্দুগুড়ি আদি ঠাই প্ৰসিদ্ধ। বিশ্বনাথ ব্ৰহ্মপুত্ৰৰ পাৰত। ইংৰাজী ১৬৮৪ চনত মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱে ইয়াত কেইবাটাও দৌল দেৱালয় স্থাপন কৰে। দৰং জিলাৰ অধীনস্থ থানাবিলাকৰ নাম— তেজপুৰ, চতিয়া, গহপুৰ, বিহালী, মঙ্গলদৈ, কলাইগাওঁ, পানেৰী আৰু কৰিয়াপাৰা। ডাকঘৰবিলাকৰ নাম— তেজপুৰ, বালীপাড়া, বৰজুলী, গহপুৰ, হেলেম, বিন্দুগুৰী, বিহগুৰী, বিশ্বনাথঘাট, চাৰালী, ঢেকিয়া- জুলি, কলাইগাওঁ, সিংৰিবাৰীহাট, খাৰুপটীয়াঘাট, মঙ্গলদৈ, মিজিকাজান, পানেৰীহাট, হাতীগড়, ওডালগুৰী, ঠাকুৰবাড়ী, ওৰাং।