সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪৮)

আত্ম কন্দলেই অসমৰ অৱনতিৰ মূল কাৰণ।


 দৰং জিল৷ ইংৰাজ গৱৰ্ণমেণ্টৰ হাতলৈ অহাৰ পূৰ্ব্ব সময় পৰ্য্যন্ত দৰঙ্গী ৰজাৰ অধীনত আছিল। দৰঙ্গী ৰজাৰ মঙ্গলদৈ নামেৰে এজনী জীয়েক আছিল, তেওঁৰ নাম অনুসাৰে ইয়াৰ এক অংশৰ নাম মঙ্গলদৈ হৈছে।

 এতিয়াও এই জিলাত পূৰ্ব্বৰ দৰঙ্গী ৰজা সকলৰ বংশধৰ সকলে ঠায়ে ঠায়ে বাস কৰি আছে।

 তেজপুৰক পূৰ্ব্বে শোনিতপুৰ বুলিছিল; ইয়াত অতি পূৰ্ব্বে অসুৰ বংশৰ বাণ ৰজাই ৰাজত্ব কৰিছিল। দ্বাৰকাৰ অধিপতি শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কুমাৰে এই বাণ ৰজাৰ কন্যা ঊষা দেবীক বিবাহ কৰাইছিল। দৰং জিলাৰ এড়ি কাপোৰ, মুগা কাপোৰ, লা, বৰৰ এঠা অনেক ঠাইলৈ বিক্ৰিৰ নিমিত্তে নিয়ে। এই জিলাৰ ওডালগুড়ি নামে এডোখৰ ঠাইত প্ৰতি বছৰে মেলা হয় সেই মেলালৈ তিব্বত দেশৰ নামনীৰ ফালৰ আৰু ভোট দেশৰো অনেক মানুহ আহে। গান্ধ কলাই, ভুটিয়া- ঠঙ্গ৷, হাতীদাত, মজাঠী আৰু ভুটিয়৷ ঘোঁৰা আদি নান৷ বস্তু সেই মেলাত বেচা কিন! কৰে। দৰং