পৃষ্ঠা:আসাম-ভূগোল.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

) বগীকুৱ ৰীৰ নামেই মেটেকাৰ বগীদল। গোটেইখন পৃথিবী ঘূৰি আহি আকৌ আগৰ ঠাইতে ওলাইছিলহি। পৃথিবী ঘূৰণীয়৷ নহৈ আন প্ৰকাৰৰ হোৱ৷ হলে তেওঁবিলাকে কেতিয়াও সেইদৰে যোৱা ঠাইত আকৌ ওলাব নোৱাৰিলেহেঁতেন। তৃতীয় প্ৰমাণ ঃ—ঘেতিয়া চন্দ্ৰগ্ৰহণ হয়, তেতিয়া পৃথিবীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে; সেই ছাঁ ঘূৰণীয়া দেখা যায়। যি বস্তু যেনে তাৰ ছাঁটোও তেনে। পৃথিবী ঘূৰণীয়া নোহোৱা হলে, তাৰ ছাঁটো কেতি য়াও ঘূৰণীয়৷ নহলহেঁতেন। চতুৰ্থ প্ৰমাণ ঃ—একে সময়তে গোটেইখন পৃথিবী পোহৰ নহয়। পৃথিবী ঘূৰণীয়া নহৈ চোতাল খনৰ নিচিন৷ সমান হোৱ৷ হলে, গোটেইখন পৃথিবী একে সময়তে পোহৰ হ'লহেঁতেন। C পৃথিবীৰ গতি। প্ৰথমে দেখোঁতে এনে অনুমান হয় যে, পৃথিবী খন একে ঠাইতেথিৰ হৈ আছে, কিন্তু স্বৰূপাৰ্থত সি নহয়।