সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দৰং জিলা।

সীমা—

 দৰং জিলাৰ উত্তৰ সীমা—ভোট ও অঁকা জাতি থকা পৰ্ব্বত সাৰী; পূৰ্ব্ব সীমা—লক্ষ্মীপুৰ জিলা; দক্ষিণ সীম৷—নগাওঁ জিলা; পশ্চিম সীম৷— কামৰূপ জিলা।

 এই জিলাত ৩৪১৮ বৰ্গমাইল মাটি আছে। লোকসংখ্যা ৩৭৭৩১৪ জন।

 নদী—ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত এই জিলা অৱস্থিত। ব্ৰহ্মপুত্ৰৰ বাহিৰেও—–ভৰলু, জীয়াধনশিৰী মৰা ধনশিৰী ঘিলাধাৰী, ন নৈ আদি কেইবাখনিও নদী আছে। ইয়াৰ কোনো কোনো নৈৰ বালিত সোণৰ গুৰিও দেখিবলৈ পোৱা যায়।

 তেজপুৰ নগৰত দৰং জিলাৰ ডেপুটি কমিশ্যনাৰ চাহাব বাহাদুৰ বাস কৰে। মঙ্গলদৈ এটা মহকুমা, তাতো বিচাৰক হাকিম থাকে। তেজপুৰৰ পৰা ২০ মাইল দূৰত বালীপাড়৷ নামেৰে এখন ঠাই আছে; তেজপুৰৰে পৰ৷ তালৈ সদায় ৰেলগাড়ী চলিব লাগিছে।