পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(se) খ্ৰীঃ ১৯০২ চনত সপ্তম এড্‌ৱাৰ্ড ভাৰতেশ্বৰ হয়। গোলাঘাট—ধনশিৰী নদীৰ ঘাটত পূৰ্ব্বে ৰজা- ঘৰৰ পৰা এখন ডাঙ্গৰ গোল৷ দিছিল, সেই বাবে গোলাৰ ঘাট বা গোলাঘাট বোলে। গোলাঘাটৰ পৰা নগ৷ পৰ্ব্বত জিলাৰ সদৰ ঠাই কহিমালৈ যোৱ৷ বাটত “গৰমপানী” নামে এডোখৰ ঠাইত এটা উষ্ণ প্ৰস্ৰবণ ( মাটি ফুটি তলৰ পৰা তপত পানী ওলোৱা গাঁত) আছে, সেই পানীত গা-ধুলে খহু কাৰু আদিৰ পৰা বহুত ৰক্ষা পোৱা যায়। এই কাৰণে সেই ফাললৈ যোৱা সকলে সেই গৰম পানীত নামি গা-পা ধোৱে। শিৱসাগৰ জিলাৰ অধীনত তলত লিথা থানা- বিলাক আছে— শিৱসাগৰ, বড়তলা, সোনাৰী; যোৰহাট, চেঙ্গে, মাজুলী; গোলাঘাট, বড়পথাৰ; দেৰগাওঁ, বোকাখাট আৰু ডিমাপুৰ।