সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪৪)

মহাৰাণী ভিক্টোৰিয়া ১৯০১ চনত স্বৰ্গী হয়।


সময় লাগে। বাটত বৰীগাওঁ, পটিয়াগাওঁ আৰু গোহাইগাওঁ এই কেইট৷ ষ্টেচন পায়।

 যোৰহাটৰ পৰা আসাম বেঙ্গল ৰেলৰ মৰিয়ণী ষ্টেচনলৈ ১০ মাইল, তিতাবৰ ষ্টেচনলৈ ১২ মাইল এই দুয়োটা বাটেই যোৰহাটৰ সকলো মানুহ অহা-যোৱা কৰে। যেৰিহাটৰ পৰা ৪ মাইল দূৰত চেনীমৰা ষ্টেচন; তাৰ পৰা পূব মুখে গলে মৰিয়ণী ষ্টেচন পায়, চেনীমৰাৰ পৰা পশ্চিম মুখে গলে ৰঙ্গাজান ষ্টেচন পায়, তাৰ পৰা আৰু ৪ মাইল গলেই আসাম বেঙ্গল ৰেলৰ তিতাবৰ ষ্টেচন পায়। মোটতে যোৰহাটৰ পৰ৷ মৰিয়ণীলৈ ১০ মাইল আৰু তিতাবৰলৈ ১২ মাইল বাট।

 যোৰহাটৰ পৰা কাকডাঙ্গা, বালীযান, নেঘেৰিটিং, দেৰগাঁও, কুৰালগুৰি, গণকপুখুৰী ঢেকিয়াল আদি ঠাই পাৰ হৈ গলে গোলাঘাট মহকুমা পায়গৈ, গোলাঘাট মহকুমাৰ পৰা ৫ মাইল দূৰত আসাম বেঙ্গল ৰেলৰ কমাৰবন্ধ৷ আলি ষ্টেচন; নাজিৰাৰ পৰা ৫০ মাইল দূৰ আৰু তিতাবৰ ষ্টেচনৰ পৰা ১২ মাইল।