পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 88 ) মহাৰাণী ভিক্টোৰিয়া ১৯০১ চনত স্বৰ্গী হয়। সময় লাগে। বাটত বৰীগাওঁ, পটিয়াগাওঁ আৰু গোহাইগাওঁ এই কেইট৷ ষ্টেচন পায়। যোৰহাটৰ পৰা আসাম বেঙ্গল ৰেলৰ মৰিয়ণী ষ্টেচনলৈ ১০ মাইল, তিতাবৰ ষ্টেচনলৈ ১২ মাইল এই দুয়োটা বাটেই যোৰহাটৰ সকলো মানুহ অহা-যোৱা কৰে। যেৰিহাটৰ পৰা ৪ মাইল দূৰত চেনীমৰ| ষ্টেচন; তাৰ পৰা পূব মুখে গলে মৰিয়ণী ষ্টেচন পায়, চেমীমৰাৰ পৰা পশ্চিম মুখে গলে ৰঙ্গাজনি ষ্টেচন পায়, তাৰ পৰা আৰু ৪ মাইল গলেই আসাম বেঙ্গল ৰেলৰ তিতাবৰ ষ্টেচন পায়। মোটতে যোৰহাটৰ পৰ৷ মৰিয়ণীলৈ ১০ মাইল আৰু তিতাবৰলৈ ১২ মাইল বাট 1 যোৰহাটৰ পৰা কাকডাঙ্গা, বালীযান, নেঘে- বিটিং, দেৰগাঁও, কুৰালগুৰি, গণকপুখুৰী ঢেকিয়াল আদি ঠাই পাৰ হৈ গলে গোলাঘাট মহকুমা পায়গৈ, গোলাঘাট মহকুমাৰ পৰা ৫ মাইল দূৰত আসাম বেঙ্গল ৰেলৰ কমাৰবন্ধ৷ আলি ষ্টেচন; নাজিৰাৰ পৰা ৫০ মাইল দূৰ আৰু তিতাবৰ ষ্টেচনৰ পৰা ১২ মাইল।