পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৪৩ ) দৰঙ্গা বজাৰ নাম এই জিলাৰ নামে দৰঙ্গ হৈছে। বজাৰ, পুলিবৰ, জৰাবাৰী, ফুলপানীছিগা, তামুলী- ছিগা, শিমলুগুৰী, জকাইচুক আদি ঠাই লেখত লব লগীয়া। যোৰহাট শিৱসাগৰৰ সদৰ ঠাই। আসামৰ শেষৰ ৰজা সকলৰ দিনত যোৰহাটতে নগৰ পাতে। ওচৰাওচৰী কৰি দুখন হাট বজাৰ ইয়াত বহুৱাই ছিল সেই বাবে যোৰহাট বোলে, দিচৈ বা ভোগদৈ নদীৰ পাৰতে যোৰহাট নগৰ। প্ৰাচীন কালৰ পৰা ইয়াত অনেক ভদ্ৰলোকৰ বসতি। ৰেলেই হওক বা জাহাজেই হউক, যোৰহাটৰ পৰা য’লকে ত’লকে অহা-যোৱা কৰিবলৈ বৰ সুবিধা। যোৰহাট অপাৰ আসামৰ কেন্দ্ৰ অৰ্থাৎ মাজ ঠাই; ৰেল জাহাজ ইত্যাদিৰে৷ নানা সুবিধা আৰু অনেক উচ্চ শ্ৰেণীৰ সম্ভ্ৰান্ত ভদ্ৰলোক সকলৰ বসতি, ইত্যাদি নানা কাৰণত গৱৰ্ণমেণ্টই শিৱসাগৰ জিলাৰ সদৰ ষ্টেচন শিৱসাগৰৰ পৰা উঠাই আনি যোৰহাটত পাতিলে। এই উপলক্ষে যোৰহাটত বৰ ধুম-ধামেৰে সৈতে বহুত পকাঘৰ উঠালে। যোৰহাটৰ পৰা ৰেলেৰে কক্লিামুখ, জাহাজঘাটলৈ যাবলৈ প্ৰায় এক ঘণ্টা .