পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৪২ ) গুৱাহাটীত কটন কলেজ আছে। উঠি অনেক ঠাইলৈকে নজৰ কৰিছিল, সেই বাবে তাৰ ওচৰৰ ঠাই খনক নাজিৰ৷ বোলে। শিৱসাগৰ চবডিভিজনৰ ভিতৰত শিৱসাগৰ, নাজিৰা, নামতি, বৰপাত্ৰ দল, কৰুণাসাগৰ, চাৰি আলী, চাৰিং, জাঁজী আদি ঠাই লেখত লব লগীয়৷। শিৱসাগৰৰ পৰা ১০ মাইল দূৰত নাজিৰ৷ কুঠি, তাত আসাম কোম্পানীৰ প্ৰধান আফিচ আছে, তাৰ ওচৰে ওচৰে লিগিৰী পুখুৰী, কছাৰী পুখুৰী, মেজেঙ্গা, হাতীপটী, গেলেকী, ধোপাবৰ, চণ্টক, দেওপানী আদি বৰ ডাঙ্গৰ ডাঙ্গৰ বাগিছাবিলাক আছে। নাজিৰা বজাৰৰ পৰা ১ মাইল দূৰতে আসাম বেঙ্গল ৰেলৰ নাজিৰা ষ্টেচন। শিৱসাগৰৰ পৰা ১০ মাইল দূৰত নামতি আলি ৰেল ষ্টেচন, শিৱসাগৰৰ পৰা ২০ মাইল দূৰত শিৱসাগৰ ৰোড ষ্টেচন, শিৱ- সাগৰৰ অঞ্চলৰ সকলো মানুহে এই ৩টা ৰেল ষ্টেচনত অহা-যোৱা কৰে।, শিৱসাগৰৰ পৰা ১৬ মাইল দূৰত জাঁজী, এই ঠাই আমগুৰী ৰেল ষ্টেচনৰ পৰ৷ ৫' মাইল মাথোন দূৰ। এই ঠাইত ভূঞাঁহাট, ভগামুখ, খনামুখ, মুৰা-