পৃষ্ঠা:আসাম-ভূগোল.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 8 ) আসাম উপত্যকাত এজন জজ চাহাব বাস কৰে। আৰু দুৰ্গা গোসানীৰ প্ৰতিম৷ স্থাপন কৰে। এই ডাঙ্গৰ পুখুৰীটীকে শিৱসাগৰ বোলে, সেই নামে জিলাৰে৷ নাম হল। প্ৰায় চাৰি কুৰিমান বছৰ হল, ইংৰাজী ১৮৩৮ চনত শিৱসাগৰত প্ৰথমে জিল৷ পাতে। যোৰহাট আৰু গোলাঘাটত তাৰ বহুত দিনৰ পাচত হে মহ- কুম| পত| হয়। শিৱসাগৰৰ পৰ৷ দুই মাইল দূৰত পুৰণি ৰংপুৰ নগৰ; ইয়াত পূৰ্ব্বে আসাম ৰজ৷ সকলে ৰাজধানী পাতিছিল, ইয়াত এতিয়াও ৰঙ্গঘৰ, তলাতলী ঘৰ, কাৰেংঘৰ আদি নান৷ কাৰুকাৰ্য্যৰ সুন্দৰ সুন্দৰ পকাঘৰ পৰি আছে, তাত হাবি হৈছে। ঠায়ে ঠায়ে দুই চাৰি ঘৰ ন পমুৱা মানুহ বহিছে মাত্ৰ। ৰংঘৰ থকা বাবে শিৱসাগৰক ৰংপুৰও বোলে। নাজিৰাতে৷ দিখৌ নদীৰ পূব পাৰে এটি সুন্দৰ খলপাখলপী কাৰেংঘৰ আছে। মহাৰাজ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে ১৭৬৮ চনত ইয়াক সজাই ছিল। ই অতি বিতোপন ঘৰ। ঘূৰি ঘূৰি তাৰ ওপৰলৈ উঠিব পাৰি। পূৰ্ব্বে অসম ৰজাই এই কাৰেংঘৰত