সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪১)

আসাম উপত্যকাত এজন জজ চাহাব বাস কৰে।


 আৰু দুৰ্গা গোসানীৰ প্ৰতিম৷ স্থাপন কৰে। এই ডাঙ্গৰ পুখুৰীটীকে শিৱসাগৰ বোলে, সেই নামে জিলাৰো নাম হল।

 প্ৰায় চাৰি কুৰিমান বছৰ হল, ইংৰাজী ১৮৩৮ চনত শিৱসাগৰত প্ৰথমে জিলা পাতে। যোৰহাট আৰু গোলাঘাটত তাৰ বহুত দিনৰ পাচত হে মহকুমা পত| হয়। শিৱসাগৰৰ পৰ৷ দুই মাইল দূৰত পুৰণি ৰংপুৰ নগৰ; ইয়াত পূৰ্ব্বে আসাম ৰজ৷ সকলে ৰাজধানী পাতিছিল, ইয়াত এতিয়াও ৰঙ্গঘৰ, তলাতলী ঘৰ, কাৰেংঘৰ আদি নান৷ কাৰুকাৰ্য্যৰ সুন্দৰ সুন্দৰ পকাঘৰ পৰি আছে, তাত হাবি হৈছে। ঠায়ে ঠায়ে দুই চাৰি ঘৰ ন পমুৱা মানুহ বহিছে মাত্ৰ। ৰংঘৰ থকা বাবে শিৱসাগৰক ৰংপুৰও বোলে।

 নাজিৰাতে৷ দিখৌ নদীৰ পূব পাৰে এটি সুন্দৰ খলপাখলপী কাৰেংঘৰ আছে। মহাৰাজ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে ১৭৬৮ চনত ইয়াক সজাই ছিল। ই অতি বিতোপন ঘৰ। ঘূৰি ঘূৰি তাৰ ওপৰলৈ উঠিব পাৰি। পূৰ্ব্বে অসম ৰজাই এই কাৰেংঘৰত