পৃষ্ঠা:আসাম-ভূগোল.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 40 ) প্ৰত্যেক মহকুমাত একোজন এচিষ্টেণ্ট, কমিচনৰ থাকে। টোকোলাই নদী---চেনীমৰাৰ ওচৰৰ টোকোলাই বিলৰপৰা ওলাই যোৰহাট নগৰৰ মাজে দি বৈ গৈ বালীগাৱঁৰ ওচৰত ভোগদৈ নদীত পৰিছে। ধনশিৰী—( দীঘলে প্ৰায় ১০০ মাইল ) এই নদী শিৱসাগৰ আৰু নগাওঁ জিলাৰ সীমাত থকা নগ৷ পৰ্বৰ্ব্বতৰ পৰ৷ ওলাই ব্ৰহ্মপুত্ৰত পৰিছে। এই নদীৰ পাৰতে গোলাঘাট মহকুমা। ইয়াৰ বাহিৰেও শিৱসাগৰ জিলাত অৰুি অনেক সৰু সৰু নদী আছে। বিশেষ বিবৰণ। 1 শিৱসাগৰ জিলাৰ সদৰ ঠাই শিৱসাগৰতেই চিৰকালৰে পৰ৷ আছিল, আজিকালি মাত্ৰ যোৰ- হাটলৈ নিছে। শিৱসাগৰ অতি প্ৰাচীন নগৰ। দিখৌ নদীৰ পূব পাৰত এই নগৰ স্থাপিত। মহা- ৰাজ শিৱসিংহে ইয়াত এটী হুন্দৰ ডাঙ্গৰ পুখুৰী খনাই তাৰ পাৰতে তিনটী দৌল সাব্জি শিব, বিষ্ণু