এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪০)
প্ৰত্যেক মহকুমাত একোজন এচিষ্টেণ্ট, কমিচনৰ থাকে।
| টোকোলাই নদী | —চেনীমৰাৰ ওচৰৰ টোকোলাই বিলৰপৰা ওলাই যোৰহাট নগৰৰ মাজে দি বৈ গৈ বালীগাৱঁৰ ওচৰত ভোগদৈ নদীত পৰিছে। |
| ধনশিৰী | —(দীঘলে প্ৰায় ১০০ মাইল) এই নদী শিৱসাগৰ আৰু নগাওঁ জিলাৰ সীমাত থকা নগ৷ পৰ্বৰ্ব্বতৰ পৰ৷ ওলাই ব্ৰহ্মপুত্ৰত পৰিছে। এই নদীৰ পাৰতে গোলাঘাট মহকুমা। |
ইয়াৰ বাহিৰেও শিৱসাগৰ জিলাত আৰু অনেক সৰু সৰু নদী আছে।
বিশেষ বিবৰণ।
শিৱসাগৰ জিলাৰ সদৰ ঠাই শিৱসাগৰতেই চিৰকালৰে পৰ৷ আছিল, আজিকালি মাত্ৰ যোৰহাটলৈ নিছে। শিৱসাগৰ অতি প্ৰাচীন নগৰ। দিখৌ নদীৰ পূব পাৰত এই নগৰ স্থাপিত। মহাৰাজ শিৱসিংহে ইয়াত এটী সুন্দৰ ডাঙ্গৰ পুখুৰী খনাই তাৰ পাৰতে তিনটী দৌল সাজি শিব, বিষ্ণু