পৃষ্ঠা:আসাম-ভূগোল.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৩৯ ) প্ৰতি জিলাত একোজন ডিপুটী কমিচনৰ বাস কৰে। মিলিছে। শিৱসাগৰৰ পৰা ৮ মাইল দূৰত এই নামদাং নদীৰ ওপৰত আগৰ ৰজা দিনৰ অপূৰ্ব্ব কাৰুকাৰ্য্যৰ কৌশল- যুক্ত এখনী শিলৰ সাঁকো বা পুল আছে। তাৰ তলে নাও অহা-যোৱা কৰে। মহা- ৰাজ ৰুদ্ৰসিংহ স্বৰ্গদেৱে ইংৰাজী ১৭০০ চনত এই শিলৰ সাঁকো তৈয়াৰ কৰায়। তাৰ ওচৰতে গৌৰীসাগৰৰ বিখ্যাত পুখুৰী আৰু দৌল আছে। জাঁজী—এই নদী নগ৷ পৰ্ব্বতৰ পৰা ওলাই আহি শিৱসাগৰ আৰু যোৰহাটৰ মাজ ঠাইত ব্ৰহ্মপুত্ৰত পৰিছে৷ টিয়ক (নাম চেচু), কাকজান, মুদৈজান, পুথি নৈ আদি কেইবাখনিও পৰ্ব্বতীয়া’ সৰু সৰু নদী আহি জাঁজীতে মিলিছেহি। ডিচৈ বা ভোগদৈ—ককিলা, কাকডোঙ্গা, এই নদী কেইখনিও নগ৷ পৰ্ব্বতৰপৰা ওলাই আহি ব্ৰহ্মপুত্ৰত পৰিছেহি৷ ডিচৈ বা ভোগদৈ নদীৰ পাৰতে প্ৰসিদ্ধ যোৰহাট নগৰ।