এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩৯)
প্ৰতি জিলাত একোজন ডিপুটী কমিচনৰ বাস কৰে।
| মিলিছে। শিৱসাগৰৰ পৰা ৮ মাইল দূৰত এই নামদাং নদীৰ ওপৰত আগৰ ৰজা দিনৰ অপূৰ্ব্ব কাৰুকাৰ্য্যৰ কৌশল-যুক্ত এখনী শিলৰ সাঁকো বা পুল আছে। তাৰ তলে নাও অহা-যোৱা কৰে। মহাৰাজ ৰুদ্ৰসিংহ স্বৰ্গদেৱে ইংৰাজী ১৭০০ চনত এই শিলৰ সাঁকো তৈয়াৰ কৰায়। তাৰ ওচৰতে গৌৰীসাগৰৰ বিখ্যাত পুখুৰী আৰু দৌল আছে। |
| জাঁজী | —এই নদী নগ৷ পৰ্ব্বতৰ পৰা ওলাই আহি শিৱসাগৰ আৰু যোৰহাটৰ মাজ ঠাইত ব্ৰহ্মপুত্ৰত পৰিছে৷ টিয়ক (নাম চেচু), কাকজান, মুদৈজান, পুথি নৈ আদি কেইবাখনিও পৰ্ব্বতীয়া’ সৰু সৰু নদী আহি জাঁজীতে মিলিছেহি। |
| ডিচৈ বা ভোগদৈ | —ককিলা, কাকডোঙ্গা, এই নদী কেইখনিও নগ৷ পৰ্ব্বতৰপৰা ওলাই আহি ব্ৰহ্মপুত্ৰত পৰিছেহি৷ ডিচৈ বা ভোগদৈ নদীৰ পাৰতে প্ৰসিদ্ধ যোৰহাট নগৰ। |