পৃষ্ঠা:আসাম-ভূগোল.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩৮ আমাৰ ঘাই শাসনকৰ্ত্তা গৱৰ্ণৰ চাহেব শ্বিলঙ্গত থাকে। বৰ ডাঙ্গৰ ডাঙ্গৰ সৰোবৰ বা বৰ পুখুৰী বহুত আছে, যেনে—শিৱসাগৰৰ পুখুৰী, জয়সাগৰৰ পুখুৰী, গৌৰীসাগৰৰ পুখুৰী, ন পুখুৰী, পুৰণি পুখুৰী, বগীদলৰ পুখুৰী, মেচাগৰৰ পুখুৰী, ৰাজমাও পুখুৰী ইত্যাদি। নদী। দিখৌ নদী—এই নদী নগা পৰ্ববতৰ পৰা ওলাই আহি শিৱসাগৰৰ পৰা ১৮ মাইল দূৰত ব্ৰহ্মপুত্ৰত পৰিছে। ইয়াৰ পাৰতে পুৰণি ৰংপুৰ আৰু শিৱসাগৰ নগৰ। আৰু আসাম কোম্পানীৰ প্ৰধান কুঠী নাজিৰা ইয়াৰ পাৰতে৷ নাজিৰাঘাট, আমগুৰি- ঘাট আৰু বলীয়াঘাট, মেটেকাঘাট আদি দিখৌ নদীৰ ঘাট কেইটা বিশেষ প্ৰসিদ্ধ। ডিচাং নদী—এই নদীও নগাপৰ্বতৰ পৰা ওলাই আহি শিৱসাগৰৰ পৰা ৯ মাইল দূৰত ব্ৰহ্মপুত্ৰত পৰিছে। নামদাং ও দৰীক৷———এই দুই নদী পূবফালৰ পৰ্ব্বতৰ পৰা ওলাই আহি দিখৌ নদীৰ লগতে