সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৪)

ভৰত ৰজাৰ নামে ভাৰতবৰ্ষ হৈছে।


পৰা নাগমাটি বা কয়লাৰ খনি বাহিৰ হৈছে, হেজাৰ হেজাৰ লোকে দিনে ৰাতিয়ে সেইবিলাক কয়লা খাটত কাম কৰিব লাগিছে, আৰু সেইবিলাক কয়লা দিনে ৰাতিয়ে ৰেলেৰে অনা নিয়া কৰিব লাগিছে। মাৰ্ঘেৰিটাতে মাকুম নামে এখন বৰ ডাঙ্গৰ বাগিছা আছে।

 তিনচুকীয়াৰ পৰা ৰেলেৰে মাকুম জংশন পায়, তাৰ পৰা টিঙ্গৰাই, তাৰ পৰা ডিগবই, তাৰ পৰ৷ পাৱৈ ষ্টেচন, তাৰ পাচত হে মাৰ্ঘেৰিটা পাবগৈ।

 ডিবইত পেট্ৰোলিয়ম অৰ্থাৎ তেলৰ খনি আছে, তাৰ পৰা যন্ত্ৰৰ সাহায্যে ৩০০/৪০০ ফুট মাটিৰ তলৰ পৰা কেৰাচিন তেল বাহিৰ কৰিছে, তেল পৰিষ্কাৰ কৰা এটি ডাঙ্গৰ কাৰখানা আছে। তাতে কেৰাচিন বা মাটি তেল উৎপন্ন হৈছে, তাতে পৰিষ্কাৰ কৰি অনেক ঠাইলৈ পঠাইছে। তেলৰ যিবোৰ গেদেৰী ওলাইছে, তাকো বেলেগে পৰিষ্কাৰ কৰি তাৰ পৰ৷ সুন্দৰ মম তৈয়াৰ কৰিছে, ডিবইৰ তেল, মম আদি তৈয়াৰ কৰা কাম অতি অদ্ভুত যেন