পৃষ্ঠা:আসাম-ভূগোল.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৩২ ) যোৰহাটৰ পৰা গোলাঘাটলৈ ১৯ মাইল। লক্ষ্মীপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থক৷ ঠাইবিলাক— ডিব্ৰুগড়, তিনচুকীয়া, লাহোয়াল, বৰবৰুৱা, জামিবা, লেপেট্‌কটা খোয়াং, মাকুম, তালাপ, টিঙ্গৰাই, ডিবই, মাৰ্ঘেৰিটা, লিডু, টেঙ্গাখাট, চাবুয়া, জয়পুৰ আদি ঠাই বিখ্যাত। ডুমডুমা ডিব্ৰুগড়—ইংৰাজী ১৮২৭ চনত যেতিয়া ইংৰাজ গৱৰ্ণমেণ্টে আসাম দেশ অধিকাৰ কৰি লয়, তাৰ কিছু দিনৰ পাচতে ডিব্ৰুনদীৰ পাৰতে পোন প্ৰথমে এটা কেঁাঁঠ বা গড় বান্ধিছিল, সেই গড়ব নাম অনুসৰি লক্ষ্মীপুৰ জিলাৰ সদৰ ঠাইৰ নাম ডিব্ৰুগড় হ’ল, ইয়াত ১৪৫৬৩ জন মানুহ আছে। ডিব্ৰুগড় বৰ্তমান কালত আসাম দেশৰ এখন ঘাই নগৰ হৈছে। ইয়াত বেহ৷ বেপাৰ আদিৰ বৰ স্থচল, ভাৰতবৰ্ষৰ নানা ঠাইৰ লোক আহি ইয়াত নানা তৰহৰ কাৰবাৰ কৰিছেহি, ইয়াত ৰেল জাহাজ আদিৰ বৰ সুবিধা। ইয়াত লক্ষ্মীপুৰ জিলাৰ ডিপুটী · কমিশ্যনাৰ