পৃষ্ঠা:আসাম-ভূগোল.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৩১ ) লাহমতী আইদেওৰ নাম অনুসৰি লাদৈগড় বোলে। ঠাই। ইয়াত পূৰ্ব্বে মহকুমা আছিল, এতিয়াও পলি- টিকেল এজেণ্ট উপাধিৰে এজন! বৰ ডাঙ্গৰ হাকিম ইয়াত আছে। ডাকঘৰ, টেলিগ্ৰাফ আফিচ, থানা আৰু চিপাহিৰ গেৰাজ আছে। নানা স্থানৰ লোক আহি ইয়াত কাৰবাৰ কৰিছেহি। ইয়াত মজাঠী, বৰৰ আঠ৷, জীম কাপোৰ আৰু গান্ধ কলাই আদি নানা বস্তু উৎপন্ন হয়। সদীয়লীয়| আলু, কছু, মাহ, তিল আদি বঙ্গালাও বস্তু অতি উত্তম আৰু সস্তা। ইয়াৰ পৰ৷ কয়েক মাইল দূৰৈত কুণ্ডিল নগৰত পূৰ্ব্বকালৰ ৰুক্মিণীৰ বাপেক ভীষ্মক ৰজাৰ প্ৰতিষ্ঠিত তাম্ৰেশ্বৰী গোসানীৰ মন্দিৰ আছে। তাত প্ৰতি দিনে সেৱ৷ পূজা চলে। সদীয়াৰ পৰা দিন দিয়েকৰ বাটত সুপ্ৰসিদ্ধ পৰশুৰাম কুণ্ড তীৰ্থ আছে। খৰালী দিনত তালৈ অনেক যাত্ৰী অহা-যোৱা কৰে। ইয়াৰ বাহিৰেও লক্ষ্মীপুৰ জিলাৰ উত্তৰ পাৰতে হাৰ্হি, পঞ্চানন্দ, নীল, বঠাৱতী, মুৰা- ভগা, কেছাইখাতী আদি কেইবাখনিও দেবালয় আছে।