(৩১)
লাহমতী আইদেওৰ নাম অনুসৰি লাদৈগড় বোলে।
ঠাই। ইয়াত পূৰ্ব্বে মহকুমা আছিল, এতিয়াও পলিটিকেল এজেণ্ট উপাধিৰে এজনা বৰ ডাঙ্গৰ হাকিম ইয়াত আছে। ডাকঘৰ, টেলিগ্ৰাফ আফিচ, থানা আৰু চিপাহিৰ গেৰাজ আছে। নানা স্থানৰ লোক আহি ইয়াত কাৰবাৰ কৰিছেহি। ইয়াত মজাঠী, বৰৰ আঠ৷, জীম কাপোৰ আৰু গান্ধ কলাই আদি নানা বস্তু উৎপন্ন হয়। সদীয়লীয়া আলু, কছু, মাহ, তিল আদি ৰঙ্গালাও বস্তু অতি উত্তম আৰু সস্তা। ইয়াৰ পৰ৷ কয়েক মাইল দূৰৈত কুণ্ডিল নগৰত পূৰ্ব্বকালৰ ৰুক্মিণীৰ বাপেক ভীষ্মক ৰজাৰ প্ৰতিষ্ঠিত তাম্ৰেশ্বৰী গোসানীৰ মন্দিৰ আছে। তাত প্ৰতি দিনে সেৱ৷ পূজা চলে।
সদীয়াৰ পৰা দিন দিয়েকৰ বাটত সুপ্ৰসিদ্ধ পৰশুৰাম কুণ্ড তীৰ্থ আছে। খৰালী দিনত তালৈ অনেক যাত্ৰী অহা-যোৱা কৰে।
ইয়াৰ বাহিৰেও লক্ষ্মীপুৰ জিলাৰ উত্তৰ পাৰতে হাৰ্হি, পঞ্চানন্দ, নীল, বঠাৱতী, মুৰা-ভগা, কেছাইখাতী আদি কেইবাখনিও দেবালয় আছে।