পৃষ্ঠা:আসাম-ভূগোল.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 3 ) তিতাবৰ এজন মানুহৰ নাম অনুসৰি এই ঠাইৰ নাম তিতাবৰ হৈছে। ঢকুৱাখন', উত্তৰ লক্ষ্মীপুৰৰ পৰ৷ এদিনৰ বাট। তাত ডাকঘৰ আৰু থান৷ আছে। তাত এটি গৱৰ্ণ- মেণ্টৰ মধ্য ছাত্ৰবৃত্তি স্কুল আছে। ডিক্ৰং, ঢকুৱাখনা, বৰদলনী, পথালীপাম, লালুক, বিহপুৰীয়া আক চিচিত ডাকঘৰ আছে। সদীয়৷ এখনি অতি ধুনীয়া নগৰ। পূৰ্ব্বে ছুটীয়া ৰজাৰ অধিকাৰ কালত ৰাজকুমাৰক এই ঠাইতে শ দিছিল অৰ্থাৎ পুঁতিছিল, সেই বাবে শ-দিয়া বা সদীয়া নাম হোৱাৰ কাৰণ অনেকে অনুমান কৰে। ইংৰাজি ১৫০০ চনত এই সদীয়৷ ৰাজ্য আহোম ৰজ৷ সকলৰ হাতলৈ আহে, কিন্তু তেতিয়াও ইয়াত ঠায়ে ঠায়ে মটক ৰজাৰ অধিকাৰ আছিল, শেষত ইং ১৭৯৩ চনত আহোম ৰজাই মটক ৰজা সকলক সম্পূৰ্ণৰূপে যুদ্ধত ঘটুৱাই সদীয়াই সৈতে গোটাইখন লক্ষ্মীপুৰ জিল৷ নিজৰ তলতীয়া কৰি লয়। ইয়াত এতিয়াও পূৰ্ব্বৰ আহোম ডাঙ্গৰীয়৷ সকলৰ বংশধৰ অনেক সম্ভ্ৰান্ত মানুহ আছে। ই প্ৰধান বেপাৰৰ