পৃষ্ঠা:আসাম-ভূগোল.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৯ ) কাঁকডোঙ্গ৷ নদী যোৰহাট আৰু গোলাঘাটৰ সীমা। সূঁতিৰে লগলাগি, ডিব্ৰুগড় নগৰৰ ওচৰতে ব্ৰহ্ম- পুত্ৰত পৰিছে। লক্ষ্মীপুৰ জিলা ব্ৰহ্মপুত্ৰ নৈৰ দুয়ো পাৰে আছে। ইংৰাজী ১৮৬৮ চনত ইয়াত প্ৰথমে জিলা পাতে। উত্তৰ পাৰত—উত্তৰ লক্ষ্মীপুৰ, পথালীপাম, ঢকুৱাখনা, জালভাৰী, ঘিলামৱা, বৰদলনী, চিচি, ঢল, ধেমাজী, নাৰায়ণপুৰ, ডিক্ৰং আৰু সদীয় প্ৰভৃতি স্থান আছে। উত্তৰ লক্ষ্মীপুৰ মহকুমা, ইয়াত এজনা. চৱ- ডিভিচনেল অফিচাৰ বা মহকুমাৰ ভাৰপ্ৰাপ্ত হাকিম বিচাৰক আছে। তেওঁৱেই দেওয়ানী, ফৌজদাৰী আদি সকলো মকদ্দমাৰ বিচাৰ কৰে৷ তেওঁৰ তলত অনেক কৰ্ম্মচাৰী আমোল৷ আছে। উত্তৰ লক্ষ্মীপুৰ অনেক দিনৰ প্ৰাচীন নগৰ, কমলাবাৰী জাহাজঘাটৰ পৰ৷' তালৈ যাবলৈ প্ৰায় ২৭ মাইল দীঘল এটা আলিবাট আছে। কমলাবাৰী ঘাটৰ পৰা গৰমুৰৰ সোবনশিৰীৰ ঘাটলৈ প্ৰায় ৭ মাইল দূৰ; তাৰ পৰা ২০ মাইলমান গৈ উত্তৰ লক্ষ্মীপুৰ পায়গৈ।