পৃষ্ঠা:আসাম-ভূগোল.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জিলাবিলাকৰ বিবৰণ। লক্ষ্মীপুৰ জিলা। সীমা। লক্ষ্মীপুৰ জিলাৰ উত্তৰ সীম৷ আবৰ, মিৰি, ডফল৷ আৰু মিচিমিবিলাকৰ পৰ্ব্বত দক্ষিণ সীম৷— লুইত নদী আৰু পাটকাই পৰ্ব্বত শ্ৰেণী; পূব সীমা —মিচিমি আৰু চিংফৌ পৰ্ব্বত; পশ্চিম সীমা— শিৱসাগৰ আৰু দৰং জিলা। - - পৰিমাণ ফল আৰু লোক সংখ্যা। লক্ষ্মীপুৰ জিলাত ৪৫২৯ বৰ্গমাইল মাটি আছে। লোক সংখ্যা ৪,৬৮,৯৮৯ জন মানুহ আছে। পৰ্বৰ্ব্বত। লক্ষ্মীপুৰ জিলাত মিৰি পৰ্ব্বত, আবৰ পৰ্ব্বত আৰু ডফল৷ পৰ্বৰ্ব্বত শ্ৰেণীয়ে উত্তৰ ফালৰে পৰ৷ পূবলৈকে জুৰি আছে।