পৃষ্ঠা:আসাম-ভূগোল.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৭ ) খ্ৰী: ১৬৫৫ চনৰ পৰা অহম সকলে হিন্দুধৰ্ম্ম গ্ৰহণ কৰে। শাসন বিভাগ। আসামত তেৰখন জিল। তাছে আৰু তাক তিনি ভাগে ভাগ কৰা হৈছে। যেনে— প্ৰথম—আসাম বা ব্ৰহ্মপুত্ৰ উপত্যকা, দ্বিতীয় চুৰম৷ উপত্যকা, তৃতীয় পৰ্বৰ্ব্বতীয়া বিভাগ | উত্তৰ-পূৰ্ব্ব সীমান্ত জিলা, লক্ষ্মীপুৰ, শিৱসাগৰ, নগাওঁ, দৰঙ্গ, কামৰূপ আৰু গোৱালপাড়া এই 200 ৭ খন জিল৷ ব্ৰহ্মপুত্ৰ উপত্যকাত। কাছাৰ আৰু ছিলট এই দুখন জিল| সুমা উপত্যকাত। নগী- পাহাৰ, খাচিয়া আৰু জয়ন্তিয়৷ পাহাৰ, গাৰো পাহাৰ, উত্তৰ লুচাই পাহাৰ এই চাৰিখন জিলা পৰ্ব্বতীয়া বিভাগত পৰিছে। O আসাম উপত্যকাই আকৌ তিনি ভাগত বিভক্ত হৈছে। ওপৰ আসাম, মধ্য আসাম আৰু নিম্ন আসাম। লক্ষ্মীপুৰ আৰু শিৱসাগৰ ওপৰ আসাম। আৰু নগাওঁ জিল৷ মধ্য আসাম। কামৰূপ আৰু গোৱালপাড়৷ জিল৷ নিম্ন আসামত পৰিছে। আসাম উপত্যকা আৰু স্থৰম৷ উপত্যকাৰ