পৃষ্ঠা:আসাম-ভূগোল.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৬ ) মিৰজুলাই শেষবাৰ আসাম আক্ৰমণ কৰে। এই দেশৰ উজনী খণ্ডত চাহৰ খেতিৰ বৰ উন্নতি হৈছে। লা, বৰৰ আঠা, মজাঠী, এড়িসূত৷, হাতী- দাঁত, কস্তুৰী, পহুশিং, গুঁড়খড়গ, বেত আদি নানা তৰহৰ বস্তু আসাম দেশত উৎপন্ন হয়। আসামৰ সীমা। আসামৰ উত্তৰ সীমা—ভোট অঁকা, ডফলা, মিৰি আৰু আবৰ আদি অসভ্য জাতি থকা পৰ্ববত শ্ৰেণী; দক্ষিণ দক্ষিণ সীমা—মৈমনসিংহ জিলা, ত্ৰিপুৰা আৰু লুচাই পৰ্ব্বত; পূব সীম৷—মণিপুৰ আৰু মান দেশ; পশ্চিম সীমা—জলপাইগুড়ি জিলা, কেঁাঁচ- বেহাৰ আৰু ভাটীৰ ৰংপুৰ জিলা। ই বিলাতত- কৈয়ে৷ ডাঙ্গৰ আৰু বাঙ্গাল৷ দেশৰ প্ৰায় আধা মান হব। পৰিমাণ ফল আৰু লোক সংখ্যা—ইয়াত ৪৬,৩৪১ বৰ্গ মাইল মাটি আছে অৰুি লোক সংখ্যা ৬১,২২,২৬৫ জন। ইয়াত মাটিৰ খাজান৷ প্ৰায় ৪০,০০,০০০ টকা উঠে।