সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৫)

বদনচন্দ্ৰক মান অনা বৰফুকন বোলে।


 পানী, বোকা বা হাবীৰ কাৰণে অথবা পোনাই যাবৰ কাৰণে সুবিধা কৰিবৰ নিমিত্তে যি পথ বৃহৎকৈ তৈয়াৰ কৰে, তাক আলিবাট বা ৰোড বোলে। যেনে—চেউনী আলি, ধোদৰ আলি, উত্তৰ ট্ৰাঙ্ক ৰোড ইত্যাদি।

আসামৰ স্বাভাবিক অৱস্থা।

 আসাম এখনি অতি সুন্দৰ দেশ। ইয়াৰ মাজেদি ব্ৰহ্মপুত্ৰ নদী বৈ গৈ দেশখন অতি বিতোপন কৰি তুলিছে। ওখ চাপৰ নানা ৰকম পৰ্ব্বতে গোটাইখন দেশ বেড়ি আছে। ইয়াৰ মাটিও বৰ সাৰুৱা, সময়মতে খেতি কৰিব পাৰিলে ইয়াত সকলো শস্য উৎপন্ন হয়। ইয়াত জাৰ ঘাম দুয়োট৷ ঋতুয়েই প্ৰায় সমান। হাবিবিলাকত শাল, শিঙ্গৰী, পমা, এজাৰ, নাহৰ আদি নানা ৰকমৰ বহুমূলীয়৷ কাঠ পোৱা যায়।

 আগৰ ৰজাৰ দিনত ইয়াৰ নৈবিলাকৰপৰা সোণ কমাইছিল, এতিয়াও ইয়াত ঠায়ে ঠায়ে কয়লা, চুন, নাগমাটি, লো, কেৰাচিন তেল আদিৰ খনি আছে।