এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪)
শিৱসাগৰৰ ‘শিৱদ’ল, ১৭২০ চনত কৰাইছিল।
উপকূল—সাগৰৰ পাৰত থকা ঠাইক উপকূল বোলে। যেনে—কোৰমণ্ডল উপকূল।
সমভূমি—যিখন ঠাই সমান আৰু য'ত পৰ্ব্বত আদি নাই, তাক সমভূমি বা সমথল বোলে।
মালভূমি—সমভূমি বৰ বহল আৰু অতি ওখ হলে, তাক মালভূমি বোলে। যেনে—এচিয়া, ডেকান ইত্যাদি।
মৰুভূমি—যিখন ঠাই বালি আৰু শিলেৰে ভৰা আৰু যি ঠাইত গছগছনি একো নাই, তাক মৰুভূমি বোলে। যেনে ছাহাৰা, গোবী ইত্যাদি।
ওৱেচিচ্—মৰুভূমিৰ মাজত থক৷ সাৰুৱ৷ ঠাইক ওৱেচিচ্ বোলে। যেনে—কেজান,তাবাত্ ইত্যাদি।
যি ঠাইত ৰেলৰ পৰা মানুহ, মাল আদি নমায়, তোলে তাক ৰেল ষ্টেচন বোলে। যেনে— ডিমাপুৰ, নাজিৰা, মৰিয়নী, তিতাবৰ ষ্টেচন।
যি ঠাইত দুই ফালৰ পৰা দুখন ৰেল আহি যোগ হয়হি, তাক ৰেলৰ জংচন বৌলে। যেনে— মাকুম জংচন, তিতাবৰ জংচন আৰু মৰিয়নী জংচন ইত্যাদি।