এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১২)
খ্ৰীঃ ১৭০০ চনত জয়সাগৰ পুখুৰী আৰু দল কৰাইছিল।
চুবুৰী—ওচৰাওচৰিকৈ থকা কেইবা ঘৰ মানুহৰ ঠাইক চুবুৰী বোলে। যেনে—শয়কীয়া চুবুৰী
দ্বীপ—চাৰিও ফালে পানীৰে বেঢ়৷ ঠাইক দ্বীপ বা মাজুলী বোলে। যেনে—লঙ্কা, ৰোড (অপঠনীয়) ইত্যাদি।
উপদ্বীপ—যি ঠাইৰ প্ৰায় চাৰিও ফালে পান থাকে, তাক উপদ্বীপ বা উপমাজুলী বোলে। যেনে—পূৰ্ব্ব উপদ্বীপ, কোৰিয়| উপদ্বীপ ইত্যাদি।
যোজক—যি ঠেক স্থলভাগে দুখন ডাঙ্গৰ ঠাই একেলগ কৰিছে, তাক যোজক বোলে। যেনে— পানামা ইত্যাদি।
অন্তৰীপ—যি ঠাই ক্ৰমশঃ সৰু হৈ সাগৰৰ মাজলৈ বাঢ়ি যায়, তাৰ আগ ডোখৰক অন্তৰীপ টেক্ বোলে। যেনে— কুমাৰিক৷ অন্তৰীপ, উত্তমাশা অন্তৰীপ ইত্যাদি।
পৰ্ব্বত—পৃথিবীৰ ওপৰত থকা অতি ওখ শিলাময় ঠাইক পৰ্ব্বত বোলে৷ যেনে—হিমালয়, বিন্ধ্য, কৈলাস ইত্যাদি।
ধাপলিকা পৰ্ব্বত- পৰ্ব্বতৰ অলপ ওখ ঠেঙ্গুলি