এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১১)
জয়মতী কুঁৱৰীৰ নামেই জয়সাগৰ পুখুৰী আৰু দলৰ নাম হৈছে।
প্ৰদেশ—দেশৰ এক এক ভাগক প্ৰদেশ বোলে। যেনে—আসাম প্ৰদেশ, বঙ্গ প্ৰদেশ ইত্যাদি।
ৰাজধানী—যি ঠাইত ৰজ৷ নাইবা ৰজাৰ প্ৰতিনিধি বাস কৰে, তাক ৰাজধানী বোলে। যেনে— আসামৰ ৰাজধানী শ্বিলং, ভাৰতবৰ্ষৰ ৰাজধানী দিল্লী, ইংলণ্ডৰ ৰাজধানী লণ্ডন।
জিলা—প্ৰদেশৰ বেলেগ্ বেলেগ্ ভাগবোৰক জিলা বোলে। যেনে—লক্ষ্মীপুৰ, শিৱসাগৰ, দৰং, নগাঁও, কামৰূপ ইত্যাদি।
মহকুমা—জিলাৰ অংশ বিশেষক মহকুমা বা জিলা খণ্ড বোলে। যেনে—উত্তৰ লক্ষ্মীপুৰ, গোলাঘাট ইত্যাদি।
নগৰ—যি ঠাইত অনেক লোক বাস কৰে আৰু য’ত নান৷ ঠাইৰ বেপাৰীবিলাক আহি বেপাৰ কৰেহি তাক নগৰ বা চহৰ বোলে। যেনে—ডিব্ৰুগড়, তেজপুৰ, যোৰহাট ইত্যাদি।
গাওঁ——তাকৰ মানুহ থকা ঠাইক গাওঁ বোলে। যেনে—গজপুৰীয়৷ গাওঁ, চেতিয়া গাওঁ ইত্যাদি।