সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১০)

১৮৬০ খ্ৰীষ্টাব্দৰ পৰা আসামত আফু খেতি ৰহিত কৰে।


হয়, তাক ঘাট বোলে। যেনে— দিচাংঘাট, শিকাৰী- ঘাট ইত্যাদি।

 পানীৰ কোনো কোনে৷ ঠাইত জাহাজ বা নাও আদি ৰাখি মানুহ, বস্তু আদি নমায়, তোলে বা পাৰ কৰে, তাকো ঘাট বোলে। যেনে—আমগুৰিঘাট, বলীয়াঘাট ইত্যাদি।

 জলপ্ৰপাত—ওখ ঠাইৰ পৰা থিয়ে থিয়ৈ পানী পৰিলে তাক জলপ্ৰপাত বোলে। যেনে— নায়েগেৰা, বিডন্‌ফলস্ ইত্যাদি।


পৃথিবীৰ স্থলৰ বিবৰণ।

 আকৃতি অনুসৰি স্থলভাগৰ পৃথক্ পৃথক্ নাম এই—যেনে—মহাদেশ, দেশ, প্ৰদেশ, ৰাজধানী, দ্বীপ, উপদ্বীপ, যোজক ইত্যাদি।

 মহাদেশ—যি ডাঙ্গৰ স্থলভাগত অনেক দেশ আছে, তাক মহাদেশ বোলে। যেনে—ইউৰোপ, আফ্ৰিকা ইত্যাদি।

 দেশ—মহাদেশৰ একোটা অংশক দেশ বোলে। যেনে—ভাৰতবৰ্ষ, চীন, আৰব, পাবস্থ্য ইত্যাদি।