সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৯)

আগৰ দিনত পুৰুষানুক্ৰমে বিষয় চলিছিল।


হোৱ৷ পানী ভাগক হ্ৰদ বা বিল বোলে। যেনে— আৰল হ্ৰদ, ভীম পৰা বিল ইত্যাদি।

 নদী—যিবিলাক পানী পৰ্ব্বত, হ্ৰদ, নিজৰা আদিৰ পৰা ওলাই শোঁত বলি গৈ অনেক দেশ নগৰ ইত্যাদিৰ মাজেদি বৈ গৈ সাগৰত বা হ্ৰদত পৰিছে, তাক নদী বা নৈ বোলে৷ যেনে—ব্ৰহ্মপুত্ৰ, গঙ্গা, সিন্ধু ইত্যাদি।

 উপনৈ—যি নৈ পৰ্ব্বত আদিৰ পৰা ওলাই কোনো নদীত পৰে, তাক সেই নৈৰ উপনৈ বোলে। যেনে—ধনশিৰী, মানাহা, সোৱণশিৰী ইত্যাদি।

 শাখা নৈ—যি নৈ আন কোনে৷ নৈৰ পৰা ফাটি আহি সাগৰত বা আকৌ নৈতে পৰিছে, তাক শাখা নৈ বা সূঁতী বোলে। যেনে—খেৰকটীয়াসুঁতী, ঘুণাসূঁতী ইত্যাদি।

 নৈ ওলোৱা ঠাইক ‘আগ’ আৰু পৰা ঠাইক ‘মুখ’ বোলে। যেনে— ককিলা মুখ, দিখৌমুখ ইত্যাদি।

 নৈ পাৰৰ যিবিলাক ঠাইত জাহাজ আদি বন্ধা