এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)
খ্ৰীঃ ১৮২৪ চনত মানৰ লগত বৃটিচৰ ৰণ লাগে।
এই :—মহাসাগৰ, সাগৰ, উপসাগৰ, প্ৰণালী, নৈ, উপনৈ, শাখানৈ, হ্ৰদ, বিল ইত্যাদি।
মহাসাগৰ—যি লুণীয়া জলভাগে গোটেইখন পৃথিবীক বেঢ়ি আছে, তাক মহাসাগৰ বোলে। যেনে—প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ ইত্যাদি।
সাগৰ—মহাসাগৰতকৈ সৰু লুণীয়া পানী ভাগক সাগৰ বোলে। যেনে— আৰব সাগৰ, চীন সাগৰ ইত্যাদি।
দ্বৈপ সাগৰ—যি সাগৰত অনেক দ্বীপ থাকে, তাক দ্বৈপসাগৰ বোলে। যেনে–ভাৰত দ্বৈপসাগৰ।
উপসাগৰ—যি পানী ভাগৰ প্ৰায় চাৰিওপিনে মাটি আছে, তাক উপসাগৰ বোলে। যেনে—ওবি উপসাগৰ, পাৰস্য উপসাগৰ।
প্ৰণালী—যি ঠেক পানীয়ে দুফালে দুডোখৰ বহল পানীক লগ লগায়, তাক প্ৰণালী বোলে। যেনে—পক্ প্ৰণালী, অম্মজ্, বেৰিং প্ৰণালী ইত্যাদি।
হ্ৰদ—চাৰিও ফালে থলেৰে বেঢ়া স্বভাবৰ পৰা