পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫০)

প্ৰচাৰ কৰিব আৰু সেইমতে চলিব পাৰিব; নিজ ধৰ্ম্ম সম্পৰ্কীয় আলোচনা কৰাৰ আৰু ভাষা, সাহিত্য, লিপি ইত্যাদিৰ উন্নতি কল্পে পঢ়াশালী আঢ় সংস্কৃতি সংঘ আদি স্থাপন কৰাৰ অধিকাৰ পাব। কোনো এঠাইত, জনসংখ্যাৰ লেখত লব লগীয়া অংশ যদি সংখ্যালঘূ সম্প্ৰদায়ৰ মানুহৰ দ্বাৰাই গঠিত হয় তেতিয়া চৰকাৰে তেওঁলোকৰ লৰা-ছোৱালীৰ কাৰণে মাতৃভাষাৰ জৰীয়তে বুনিয়াদী শিক্ষা দিয়াৰ আৰু হাইস্কুল পৰ্য্যন্ত নিজ ভাষা আৰু সাহিত্য শিকিবৰ বাবে সুবিধা যোগাব। কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ লৰা-ছোৱালীয়ে নিজকে উপযুক্ত নাগৰিক কৰি তুলিলৈ ৰাষ্ট্ৰ ভাষা শিকিব আৰু লগে লগে যি ৰাজ্যত তেওঁলোক থাকে সেই ৰাজ্যৰ ৰাজ্য ভাষাও শিকিব লাগিব। অসম ৰাজ্যৰ ভিতৰত পিচপৰা ট্ৰাইবেল সম্প্ৰদায়ে যাতে ৰাজ্যৰ উন্নত সম্প্ৰদায়- বিলাকৰ শাৰীলৈ আহিবৰ সুযোগ পায় তাৰ বাবে তেওঁ- লোকৰ বাবে শিক্ষা, চাকৰি, মাটি-পট্টন আৰু আন আন অৰ্থনৈতিক উন্নয়ন বিষয়ত বিশেষ সুবিধা দিয়া হব। সকলো সংখ্যালঘূ সম্প্ৰদায়ে নিজে আগবাঢ়ি আহি জাতীয় জীৱন গঢ়াত সহায় কৰিব বুলি আৰু ওপৰত কৈ অহা মতে এখন নতুন সমাজ গঢ়ি তোলাত সম্পূৰ্ণ সহযোগ কৰিব বুলি ছ'চিয়েলিষ্ট পাৰ্টিয়ে আশা কৰে। কিয়নো এনে এখন সমাজতহে সংখ্যালঘু সকাৰ চিৰদিনে চলি অহা সমস্যা- বিলাক দূৰ কৰিব পাৰিব।