পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৯)

তেওঁলোকক সমান মৰ্য্যদা দিয়া হব আৰু কাম অনুসৰি সমান বানচৰ অধিকাৰীণী হব।

নাৰীৰ শাৰীৰিক অক্ষমতাজনিত কিছুমান অসুবিধা আছে; যি বোৰৰ বাবে সকলে৷ কামতে নাৰীয়ে ভাগ লব নোৱাৰে। এই অসুবিধাৰ ক্ষতিপূৰণ কৰিবৰ নিমিত্তে নাৰীসকলৰ কাৰণে শিক্ষা আৰু ধাত্ৰীবিভাগৰ কামত আচুতীয়া অংশ থাকিব। নাৰীক সমানাধিকাৰ দি এখন আইন প্ৰণয়ণ কৰা হব। ছাত্ৰীবাস আৰু বৃত্তিৰ সুবিধা দি তেওঁলোকৰ কাৰণে শিক্ষা ক্ষেত্ৰত বিশেষ সুবিধা দিয়া হব। মুঠতে নাৰীসকলৰ বাৰে মুকলিমূৰীয়া আৰু সমৃদ্ধিশালী জীৱন-যাত্ৰাৰ সুবিধা দিয়া হব।

সংখ্যালঘু সম্প্ৰদায়

গোটেই দেশৰ সকলে৷ সম্প্ৰদায়কে সামৰি বাস্তৱতে শক্তিশালী জাতীয় ঐক্য স্থাপনৰ বাবে ছ'চিয়েলিষ্ট পাৰ্টিয়ে চেষ্টা কৰিছে। কিন্তু লগে লগে পাৰ্টিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ সংস্কৃতি, তেওঁ- লোকৰ প্ৰচলিত নীতি অৰু বিশেষ কিছুমান স্বাৰ্থ মনোযোগেৰে সৈতে বিবেচনা কৰাৰ আৱশ্যকতা স্বীকাৰ কৰে। ভাষা, লিপি আৰু সংস্কৃতি বিষয়ত প্ৰত্যেক সংখ্যালঘু সম্প্ৰদায়ক সম্পূৰ্ণ ভাৱে ৰক্ষা কৰাত প্ৰতিশ্ৰুতি পাৰ্টিয়ে দিছে। সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰ সকলোতে, সকলো সংখ্যালঘু সম্প্ৰদায়ে সমানে আৰু সম্পূৰ্ণ ভাৱে ভাগ লবলৈ পাব। সংখ্যালঘু সম্প্ৰদায়ে মুক্তভাৱে নিজ ধৰ্ম্ম