পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভগনীয়া পুনৰ্সংস্থাপন

দেশবিভাজন জনিত যন্ত্ৰণা গুহাবলৈ কংগ্ৰেছ চৰকাৰ সমৰ্থ নহল। পাকিস্থানৰ পৰা অহা লাখ লাখ ভগনীয়া মনোভগ্ন আৰু অৱশ হৈ পৰিছে । অথচ এই ভগনীয়া সকলক দেশৰ জনসাধাৰণৰ লগত মিলি জুলি কাম কৰিবলৈ সুবিধা দিব পৰা হলে তেওঁলোকে উপযুক্ত নাগৰিক হিচাপে দেশৰ উপকাৰ কৰিব আৰু অধিক উৎপাদনতো সহায় কৰিব পাৰিলেহেঁতেন। অথচ দেশবিভাজনৰ পাঁচ বছৰ পাৰ হৈ যোৱাৰ পিছতো ভগনীয়াসকলে জাতীয় জীৱনত নিজকে থিতাপি লগাবলৈ বাট পোৱা নাই ।

নতুন অৱস্থাত এই ভগনীয়াসকলক সংস্থাপন কৰিবলৈ বৰ্ত্তমান চৰকাৰে কোনো কাৰ্য্যকৰী আঁচনি লোৱা নাই । অইন অইন ক্ষেত্ৰৰ দৰে ভগনীয়া সংস্থাপনৰ ক্ষেত্ৰতো চৰকাৰে পালমৰা বিধৰ নীতিৰে আগ বাঢ়িছে। ভগনীয়াসকলৰ বিলাই-বিপত্তি আপোনা-আপুনি শেষ হবলৈ চৰকাৰে এৰি দিছে ।

ছ'চিয়েলিষ্ট পাৰ্টিয়ে এই সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু তলত দিয়া মতে সমস্যাৰ সমাধানৰ দিহা কৰিব। যিসকল ভগনীয়াই ভাৰতত চিৰস্থায়ী ভাৱে ৰাস কৰাৰ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকক তাৰতীয় নাগৰিকৰ স্বত্ব দিয়া হব। অস্থায়ী সহায় দিয়াৰ উপৰিও ভগনীয়াসকলৰ নিজ ইচ্ছা অনুসৰি