পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)

কাৰ্য্যদক্ষ কাৰবাৰীয়ে চলাব। ৰাষ্ট্ৰৰ তৰফৰ পৰা তেওঁলোকক মাল-মছলা, সঁজুলি আদিৰ যোগান দি, কাৰিকৰী বিদ্যা আৰু আন আন সুবিধা দি সহায় কৰা হব

ব্যক্তিগত কাৰবাৰৰ সীমা ঠেক হ’ব; কিন্তু তাকে সুস্পষ্ট ভাবে নিৰ্ণয় কৰি দিয়া হ’ব। নিৰ্ণয় কৰি দিয়াৰ পাচত ৰাষ্ট্ৰই আৰু সেইৰোৰত হেতাওপৰা নলগাৱ। ৰাষ্ট্ৰৰ সহায়ত সৰু কাৰবাৰীয়ে বৰঞ্চ নিজৰ ব্যৱসায়ত উন্নতি কৰি যাব পাৰিব। আজি যেনেকৈ পদে পদে বৰ বৰ শিল্পপতিয়ে সৰু কাৰবাৰীক ঠেকত পেলাব পাৰিছে, তেতিয়া আৰু সেইটো নহ'ব৷

যিখন দেশত কাম কৰা মানুহৰ সংখ্যা সৰহ কিন্তু পুঁজি আৰু শিল্পৰ সৰঞ্জামৰ নাটনি, সেইখন দেশত কুটীৰ শিল্প আৰু আন আন সৰু শিল্পৰ যথেষ্ট আৱশ্যকতা আছে। চৰকাৰে এইবোৰ শিল্পৰ উন্নতি কৰিবৰ সুবিধা দিব; আৰু সৰু শিল্পৰ উপযোগী উৎপাদন প্ৰণালীৰ অৰু সৰঞ্জাম-পাতিৰ যোগান ধৰিব। এই শিল্পবোৰে দেশৰ ডাঙৰ অভাৱ দূৰ কৰাৰ লগে লগে শুকুমাৰ কলা আৰু সৌন্দৰ্য্যবোধৰ হেপাহো পুৰণ কৰিব।

শিল্প পৰিচালনা

শিল্প-পৰিচালনাত চাবলগীয়া কথা হ'ল কোন শিল্প কাৰ কৰ্তৃত্বত থাকিব—ইউনিয়ন চৰকাৰ, ৰাজ্যচৰকাৰ নে তাৰ তলত অইনৰ কৰ্তৃত্বত।