যিবিলাক শিল্পৰ ৰাষ্ট্ৰীয়কৰণ কৰা হ'ব সেইবোৰ পৰিচালনাৰ পৰিচালনাৰ ভাৰ থাকিব ৰাজহুৱ৷ কৰপ'ৰেশ্যনৰ হাতত । মূল নীতি নিৰ্দ্ধাৰণ কৰি দিয়াৰ বাদে আন কথাত এই কৰ'ৰেশ্যনৰ ওপৰত হস্তক্ষেপ নকৰে । কথাত কৰ'পৰশ্যেনে স্বাধীন ভাবে কাম চলাব। প্ৰত্যেক অঞ্চলত বেলেগ বেলেগ শিল্পৰ কাৰণে বেলেগ কৰপ'ৰেশ্যন থাকিব। উৎপাদন প্ৰণালী ভাল কৰিবলৈ আৰু অধিক উৎপাদন কৰিবলৈ এই কৰপ'ৰেশ্যনবোৰৰ মাজত প্রতিযোগিতা চলিব। এনে কৰিলে এহাতে যেনেকৈ বৃহৎ শিল্প-প্রতিস্থানৰ সুবিধাবোৰ পোৱা যাব, আনহাতে তেনেকৈ কেন্দ্রীভুত, একছেতীয়া আৰু অফিচাৰে চলোৱা কাৰবাৰৰ অসুবিধাবোৰো আতঁৰোৱা হ’ব । এহাতে যেনেকৈ অকল বজাৰ দৰেই বস্তুৰ উৎপাদন-পৰিমান নিৰ্দ্ধাৰিত কৰিব নোৱাৰি, আনহাতে তেনেকৈয়ে কিনোতা সকলেও মাত মাতিবৰ সুবিধা থাকিব । এই ব্যৱস্থাত উৎপাদন ক্ষেত্ৰত কাৰ্যদক্ষতা বাঢ়িব, নতুন নতুন আঁচনি ওলাব, আৰু লগে লগে কাৰিকৰী বিদ্যাৰ উন্নয়ন আৰু প্ৰসাৰ হ'ব । কাৰি- কৰ, চুপাৰভাইজাৰ, আৰু অর্গেনাইজাৰ—এই সকলোৱে নিজৰ নিজৰ ভাগৰ কাম সুচাৰুৰূপে কৰিব লাগিব। তেওঁলোকৰ বিদ্যা-বুদ্ধিৰ পূৰ্ণবিকাশৰ দুযোগ হ'ব । বিদ্যা- বুদ্ধি আৰু কাৰ্য্যদক্ষতা অনুসাৰে তেওঁলোকৰ দৰ্ম্মহা বাঢ়িব, প্রমোচন হ'ব আৰু ৰাষ্ট্ৰৰ পৰ৷ বঁটা পাব।
পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩০
অৱয়ব