এইবোৰৰ ৰাষ্ট্ৰীয়কৰণৰ দৰ্কাৰ হৈ পৰিছে। গতিকে এই শিল্প সমূহো সমাজৰ হাতলৈ আনিব লাগিব।
তেল-কয়লা-সোন আদিৰ খনি আৰু চাহ-কফিৰ বাগিছা বোৰৰ বেচি ভাগেই আজি বিদেশী পুঁজিপতিৰ হাতত। এইবোৰ সম্পদৰ দ্বাৰা ৰাইজৰ সুখ-সমৃদ্ধি বঢ়াবলৈ হ'লে এইবোৰক সমাজৰ হাতলৈ আনিব লাগিব। এই খনি আৰু বাগিছা বোৰৰ পৰা বিদেশলৈ বহুত ধন ৰপ্তানি হয়। ৰপ্তানিযৰ গুৰুত্বৰ ফালৰ পৰাও এইবোৰ শিল্প সমাজৰ হাতত থাকিব লাগিব।
অসমত তেল কোম্পানী, কয়লাৰ কাৰখানা আৰু চাহবাগিছা
সমূহৰ ৰাষ্ট্ৰীয়কৰণ হ'ব। কাপোৰ, চেনী, মৰাপাট আৰু
কাগজৰ উদ্যোগ ৰাষ্ট্ৰই স্থাপন কৰিব আৰু পৰিচালনা কৰিব
ব্ৰহ্মপুত্ৰৰ জলপথত চলা জাহাজ কোম্পানী ৰাষ্ট্ৰৰ হাতলৈ
অনা হ'ব। সমগ্ৰ ৰাজ্যতে পৰিবহণৰ উন্নয়নৰ বাবে বৰ্ত্তমানে
ৰাষ্ট্ৰৰ হাতত নথকা সৰু সৰু ৰেলপথ বিলাকো ৰাষ্ট্ৰীয়কৰণ
কৰিব লাগিব। ইয়াৰ লগতে মটৰ যান-বাহনৰ ঘাই পথ
বিলাক ৰাষ্ট্ৰৰ সম্পূৰ্ণ কৰ্তৃত্ব আৰু পৰিচালনাত থাকিব।
এইখিনিতে এটা প্ৰশ্ন উঠে যে এই এটাইবোৰ শিল্প জাতীয়
কৰণ কৰি চলাবলৈ ক'ৰ পৰা ধন ওলাব। ধন কেনেকৈ
উলিৱা হব তাক পিচত কোৱা হৈছে।
ব্যক্তিগত কাৰবাৰৰ স্থল
ওপৰত লেখ দিয়া শিল্পসমুহৰ বাদে বাকীবোৰ শিল্প সৰু সৰু