পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৭)

থাকিব মধ্যমীয়া শিল্পসমূহ য’ত ৰাষ্ট্ৰই পৰিচালনা নকৰে, আৰু তৃতীয়তে হ’ব সৰু সৰু শিল্প, যি সমবায় ভিত্তিত পৰিচালিত হ’ধ।

শিল্প-ৰাষ্ট্ৰীয়কৰণ

কিছুমান শিল্প সমাজৰ পৰিচালনালৈ আনিব লাগিব। বহুত কাৰণতেই এইবিলাক সমাজৰ হাতলৈ অনাৰ প্ৰয়োজন হৈছে।

বৰ্ত্তমানত শিল্পবিলাকৰ ঘাই সমস্যা হ’ল পুঁজিৰ অভাব। ব্যাক্তিগত ভাৱে টকা সাঁচি পুঁজিসঞ্চয় নহয়গৈ। গতিকে পুঁজি বঢ়াবৰ বাবে আনুষ্ঠানিক সঞ্চয় হ'ব লাগিব। বেঙ্ক বীমা কোম্পানী আদিৰ যোগে এই সঞ্চয় কৰাই হ'ল ঘাই উপায়। গতিকে এইবোৰ অনুষ্ঠান যেনে কৰ্তৃত্বৰ অধিনত থাকিব দেশৰ অৰ্থ নৈতিক উন্নতিৰ ৰূপো সেইধৰণৰ হ’ব। কাপোৰ, চেনী আৰু চিমেণ্ট -– সাধাৰণ ৰাইজে বিচৰা বস্তুৰ ভিতৰত এই কেইটা ঘাই। কিন্তু এই তিনিওবিধ শিল্পত অদূৰ ভৱিষ্যতে উৎপাদন বঢ়াৰ কোনো চিন দেখা নাই। এই ভিনিও শিল্পত উন্নতব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে তাৰ দ্বাৰা ৰাইজৰ অভাৱ পুৰণ কৰিব পৰা হয়।

এইক্ষেত্ৰত দেখা গৈছে যে ব্যাক্তিগত পুঁজিপতিৰ হাতত কাপোৰ, চেনী আৰু চিমেণ্টৰ উৎপাদন বাঢ়িব নোৱাৰে। গতিকে এই তিনিও শিল্পকে সমাজৰ হাতলৈ আনিব লাগিব। লো আৰু তীখা শিল্প, বিজুলী শক্তি আৰু কেমিকেল শিল্প