পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৬)


এইটোও প্ৰমাণ হ’ল যে বহুৱাৰ গাত দোষ নাই, তেতিয়া আকৌ শিল্পত লোকচান হোৱাৰ অজুহাত দেখুৱা হ'ল। এইবাৰ চৰকাৰে শিল্পপতিৰ ওপৰত টেক্স কমাই . দিলে; কণ্ট্ৰলৰ ব্যৱস্থা ঢিলাই দিলে; ৰেল-জাহাজেৰে বস্তু অনা- নিয়াৰ সুবিধা বঢ়াই দিলে। উৎপাদন বাঢ়িব বুলি শিল্পপতিৰ কথামতে চৰকাৰে এইবোৰ কৰিলে। কিন্তু তথাপিও উৎপাদন নাবাঢ়িল। বজাৰত লাগতিয়াল দ্ৰব্য পাবলৈ নোহোৱা হ'ল। শিল্পপতিসকলে ইটোৰ পিচত সিটোকৈ আপত্তি দৰ্শাবলৈ ধৰলে। কিন্তু এইবোৰ আপত্তি যিমানে খণ্ডন কৰা হয় সিমানে ওলাই থাকে। কথা হৈছে এটাইবোৰ খণ্ডন কৰিলেও শিল্পৰ উৎপাদন বৃদ্ধি নাপায়। শিল্পপতিৰ হাতত যেতিয়ালৈকে শিল্পক্ষেত্ৰৰ আধিপত্য থাকে তেতিয়া- লৈকে উৎপাদন বাঢ়িব নোৱাৰে। সেইবাবে এতিয়া নতুন শিল্প ব্যৱস্থাৰ দিহা কৰিব লাগিব; তেহে দেশৰ অভাব গুছাব পৰা হ'ব।

গতিকে বৰ বৰ শিল্পপতিৰ সহায়ত দেশৰ শিল্প-সম্পদ বঢ়োৱাৰ কথা এৰি দিব লাগিব। এতিয়া আমাক লাগে বনুৱাৰ সহায়৷ সৰু সৰু কাৰবাৰীৰ সহায়, বৈজ্ঞানিক, আৰু কাৰিকৰৰ সহায়। এই সকলৰ যোগেহে দেশে উদ্ধাৰ পাব; লাভখোৰ শিল্পপতি মহাজনৰ দ্বাৰায় নহয়।

নতুন ব্যৱস্থাত শিল্প.ক্ষেত্ৰক তিনি ভাগত ভগোৱা হ'ব। প্ৰথমতে থাকিব ৰাষ্ট্ৰীযুকৰণ কৰা শিল্পসমূহ। দ্বিতীয়তে